তেজপুৰ, ১৬ ডিচেম্বৰ : বিগত সাত বছৰ ধৰি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে দহগৰাকী ৰোহিংগীয়া । তেওঁলোক দুটাকৈ পৰিয়ালৰ সদস্য । ২০১৪ চনত বৈধ নথি পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল তেওঁলোক আৰু তেতিয়াৰে পৰা বন্দী হৈ আছে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত । আৱশেষত আদালতৰ কাষ চাপিছে ৰোহিংগীয়া পৰিয়াল দুটা (Rohingya families appeal to Gauhati High Court )।

শৰণাৰ্থীৰ মৰ্যাদা প্ৰদান (Rohingya appeal for refugee status) অথবা পুনৰ ম্যানমাৰলৈ উভতি যোৱাৰ অনুমতি বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰিছে ৰোহিংগীয়া পৰিয়াল দুটাই । যোৱা ১৪ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্য়ায়াধীশ কোটিশ্বৰ সিং আৰু ন্যায়াধীশ মালাশ্ৰী নন্দীৰ দ্বাৰা গঠিত এক বিচাৰপীঠে তেওঁলোকৰ আবেদনৰ শুনানি গ্ৰহণ কৰে । শুনানিৰ সময়ত এটা কথা স্পষ্ট হৈছে যে পৰিয়াল দুটাই ম্যানমাৰৰ পৰা বৈধ নথি পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰা কথা স্বীকাৰ কৰিছিল । যাৰ বাবে তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছিল ।
অৱশ্যে পৰিয়াল কেইটাৰ আবেদন সম্পৰ্কত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই আদালতে । বিদেশী ন্যায়াধিকৰণৰ পৰামৰ্শদাতাই আবেদনকাৰীসকলৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভত চৰকাৰৰ পৰা নিৰ্দেশনা ল'বলৈ কিছু সময় বিচাৰিছে বুলি আদালতে অৱগত কৰে ।
পৰিয়াল দুটাৰ আবেদনৰ পৰৱৰ্তী শুনানি ১৬ ডিচেম্বৰত গ্ৰহণ কৰা হ'ব । উল্লেখ্য যে কাৰাগাৰত থকা আবেদনকাৰীসকল হৈছে ছাইদুৰ ৰহমান, তেওঁৰ পত্নী আৰু তিনি সন্তান, মাহমেদুল্লা, তেওঁৰ পত্নীসহ তিনি সন্তান । তেওঁলোক ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ কুণ্ডাং গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক:Fraud arrested in Sonari: বেংকৰ নথি-পত্ৰ জালিয়াতি কৰি আটক দুজন