তেজপুৰ, ১৩ ছেপ্টেম্বৰ : তেজপুৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । অসম আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিলে জেলৰ এজন কয়েদী (Criminal escapes from Assam Police)। তেজপুৰ ৰবৰ বাগানৰ সমীপৰ পৰা অপৰাধীজনে পলায়ন কৰে । অপৰাধীজন তেজপুৰ বেছেৰীয়াৰ ভাস্কৰ জ্যোতি নাথ ।
বিশ্বনাথ কাৰাগাৰৰ পৰা তেজপুৰ আদালতলৈ গৈ থকা অৱস্থাতে দুই আৰক্ষীৰ চকুত ধুলি দি ভাস্কৰ জ্যোতি নাথে পলায়ন কৰে (Biswanath jail inmate escapes)। সম্প্ৰতি এই ঘটনাক লৈ সমগ্ৰী জিলাথখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আৰক্ষীয়ে বিভিন্ন স্থানত কয়েদীজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ।
উল্লেখ্য যে হত্যা, অপহৰণ আৰু ডকাইতি গোচৰৰ অভিযুক্ত ভাস্কৰক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে । যোৱা ২৭ জুনত তেজপুৰ কাৰাগাৰৰ পৰা ভাস্কৰক স্থানান্তৰ কৰা হৈছিল । অভিযোগ অনুসৰি তেজপুৰ কাৰাগাৰত একাংশ কয়েদীৰ সৈতে মাৰপিটত লিপ্ত হোৱাৰ উপৰিও কাৰাগাৰৰ ভিতৰত ভাস্কৰে চলাইছিল গাঞ্জা, ড্ৰাগছৰ অবৈধ বেহা ৷ কয়েদীজন পলোৱা সন্দৰ্ভত বিশ্বনাথ কাৰাগাৰ কতৃপক্ষই তেজপুৰ মহাভৈৰৱ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । সমান্তৰালকৈ তেজপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক :Nagaon brutal murder: হত্যাকাৰীয়ে কাটিছিল মহিলাৰ জিভা