তেজপুৰ,১২ মে' : আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস । 1820 চনৰ আজিৰ দিনটোতে জন্ম লাভ কৰিছিল ফ্লোৰেন্স নাইটিংগেলে ৷ 'দ্য লেডী উইথ দ্য লেম্প' খ্যাত নাৰ্চগৰাকীৰ সোঁৱৰণত আজিৰ দিনটো "নাৰ্চ দিৱস" হিচাপে পালন কৰা হয় ৷ বিশ্ব স্বাস্থ্য সংস্থাই এই বৰ্ষটো "YEAR OF THE NURSES AND MIDWIVES" হিচাপে ঘোষণা কৰিছে । কিন্তু মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ফলত কোনো ঠাইতে উলহ-মালহৰে পালন কৰিব পৰা নাই নাৰ্চ দিৱস ।
তেজপুৰৰ কনকলতা চিভিল হাস্পতালৰ নাৰ্চিং স্কুলত কৰ্তব্যৰত নাৰ্চ সকলে অনুষ্টুপীয়াকৈ দিৱসটি পালন কৰি শ্ৰদ্ধা নিবেদন কৰে ফ্লোৰেন্স নাইটিংগেললৈ ৷ তেওঁ লোকে নিজকে এই বৃত্তিত জড়িত কৰিব পাৰি গৌৰৱ অনুভৱ কৰা বুলি প্ৰকাশ কৰে ।
লগতে পঢ়ক : লক্ ডাউন নামানে একাংশ বিজেপি কৰ্মকৰ্তাই !