তেজপুৰ,১৬ জুন : অসমত বৰ্তমান 6,454 গৰাকী মহিলাই ঘৰুৱা শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে । আনহাতে,উত্তৰ পূৰ্বাঞ্চলত 23 হাজাৰ শ্ৰমিকেই ঘৰুৱা ভাবে কাম কৰি আহিছে । আজি এই তথ্য় সদৰী কৰিছে চেণ্টাৰ ফ'ৰ ডেভেল'পমেণ্ট ইনিচিয়েটিভ (CDI) নামৰ সংগঠনটোৱে । CDI ৰ তেজপুৰ গোটৰ প্ৰগ্ৰেম ক'অৰ্ডিনেটৰ কেৰোলিন হেম্বব্ৰনে( Caroline Hembron) আজি আন্তৰ্জাতিক ঘৰুৱা কৰ্মী দিৱস উপলক্ষে তেজপুৰত এই তথ্য সদৰি কৰিছে।
![tezpue](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-16june-internationsldemostic-pranabbkumardas-7203907_16062022105552_1606f_1655357152_411.jpg)
প্ৰগ্ৰেম ক'অৰ্ডিনেটৰ কেৰোলিন হেম্বব্ৰনে পুনৰ কয় যে তেজপুৰত ১,৫০০ শ্ৰমিকেই বিভিন্ন ধৰণৰ কামত আবাসিক অঞ্চলত এনে কাম কৰি জীৱিকা অৰ্জন কৰিছে । ইয়াৰ বেছিভাগ ঘৰুৱা শ্ৰমিকেই (maid) আঠ ঘণ্টা ধৰি কৰ্মত নিয়োজিত হৈ থাকে বুলি তেওঁ পুনৰ কয় ।
উল্লেখ্য় যে চেণ্টাৰ ফ'ৰ ডেভেল'পমেণ্ট ইনিচিয়েটিভ ( CDI) নামৰ সংগঠনটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এই ঘৰুৱা শ্ৰমিকসকলৰ উন্নয়নৰ বাবে 2011 চনৰ পৰাই এই ক্ষেত্ৰত কাম কৰি আহিছে । ৰাজ্যৰ শ্ৰম বিভাগৰ লগত আলোচনা কৰি এই শ্ৰমিক সকলৰ বিভিন্ন অসুবিধা সমূহ আৰু মজুৰি সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব দিয়ে CDI ৰ তেজপুৰ গোটৰ প্ৰগ্ৰেম ক'অৰ্ডিনেটৰ কেৰলিন হেম্বেৰনে ( Caroline Hembron)। বৰ্তমান এই শ্ৰমিক সকলে তেওঁলোকৰ দৈনন্দিন জীৱনৰ কৰ্মৰ মজুৰি বৃদ্ধিৰ বাবে শ্ৰম আয়োগৰ ওচৰত আবেদন কৰি প্ৰতি ঘণ্টাত 35 টকা ধার্য কৰিবলৈ দাবী জনোৱা বুলিও তেওঁ কয় ।
![tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-16june-internationsldemostic-pranabbkumardas-7203907_16062022105552_1606f_1655357152_724.jpg)
বৰ্তমান এই শ্ৰমিকসকলক শ্ৰমৰ মৰ্যাদা হিচাবে অসম চৰকাৰে 2017 চনত এটা fixed মাজুৰি ধার্য কৰিছিল । এই অনুসৰি এগৰাকী শ্ৰমিকে প্ৰতি ঘন্টাত 30 টকা উপাৰ্জন কৰিব । অৰ্থাৎ শ্ৰমিকগৰাকীয়ে দৈনিক মজুৰি 240 টকা লাভ কৰে । ফলত তেওঁলোকে দৈনন্দিন জীৱন ধাৰণত বহুতো বাধাৰ সন্মুখীন হয় বুলিও তেওঁ কয় । আনহাতে, আজিৰ এই দিৱস উপলক্ষে তেজপুৰত সজাগতাৰ বাবে CDIয়ে ঘৰে ঘৰে 4 শতাধিক গোহাৰি-পত্ৰ বিতৰণ কৰে ।
উল্লখ্য় যে আন্তঃৰাষ্ট্ৰীয় শ্ৰম আয়োগে 2011 চনৰ 16 জুনত এই সিদ্ধান্ত গ্ৰহণ কৰিছিল । ঘৰুৱা শ্ৰমিকসকলৰ বাবে উপযুক্ত কামৰ ওপৰত আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ 189 তম সন্মিলনত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । এই সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্তৰ পিছৰে পৰা বিশ্বত ১৬ জুন তাৰিখটো আন্তৰ্জাতিক ঘৰুৱা কৰ্মী দিৱস হিচাপে পালন কৰি অহা হৈছে । এই কৰ্মশক্তিৰ অৰ্থনৈতিক অৱদানক সন্মান জনোৱাৰ বাবে প্ৰতি বছৰে বিশ্বব্যাপী আজিৰ দিনটো উদযাপন কৰা হয় ।
লগতে পঢ়ক:ৰাজ্যবাসীক ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰচেষ্টা অসম চৰকাৰৰ