তেজপুৰ,৩ ফ্ৰেব্ৰুৱাৰীঃ সোমবাৰৰ পৰা ভাৰত-বাংলাদেশৰ মাজত মেঘালয়ৰ উমৰয়ত দুয়োদেশৰ সেনা বাহিনীৰ মাজত সম্প্ৰীতি-৯ শীৰ্ষক ১৪ দিনীয়া এক বৃহৎ সামৰিক অনুশীলনৰ আৰম্ভ ৷ সোমবাৰ অৰ্থাৎ 3 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই অনুশীলনত দুয়োখন দেশৰ সংস্কৃতি-পৰিক্ৰমা আৰু ফিল্ড প্ৰশিক্ষনৰ লগতে সামৰিক বিভিন্ন উগ্ৰপন্থী বিৰোধী কাৰ্যকলাপৰ লগতে কূটাঘাটমুলক নীতিৰ ওপৰত প্ৰশিক্ষন চলিব বুলি তেজপুৰস্থিত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেঃ কৰ্নেল হৰ্ষবৰ্ধন পাণ্ডে জানিবলৈ দিয়ে ৷
আনহাতে দুয়োখন দেশৰ বিশাল সেনা বাহিনীয়ে ইতিমধ্যে উমৰয় সেনা শীবিৰত যুটিয়া পেৰেডৰ আৰম্ভনি কৰে ৷ বাংলাদেশ সামৰিক বাহিনীৰ ৩১ জনীয়া সেনা বিষয়াৰ ডেলিগেচনৰ দলটোত মুঠ ১৩৮ গৰাকী বিভিন্ন বিষয়া আৰু সেনা জোৱানে বিভিন্ন কাৰ্যসূচীত ভাগ লোৱাৰ লগতে ভাৰতীয় সেনাৰ এটা কোম্পানীয়ে ভাগ লৈ শুভাৰম্ভনি কৰে দুয়ো দেশৰ ব্ৰিগ্ৰেডিয়াৰে ৷
ইয়াৰোপৰি বাংলাদেশ সেনাৰ ব্ৰিগ্ৰেডিয়াৰ জেনেৰেল মঃ চফিকুল আজম আৰু ভাৰতৰ ব্ৰিগ্ৰেডিয়াৰ ৰাজেশ শৰ্মাই প্ৰথমটো দিনত যুটিয়াভাৱে দুয়ো দেশৰ পেৰেডক প্ৰতিনিধিত্ব কৰে ৷ ৰাষ্ট্ৰসংঘৰ ট্ৰেকটিকেল তথা কূটনৈটিক নীতিৰ অধীনত চলিবলগীয়া এই ড্ৰিলত সময় পৰিবৰ্তন অনুসৰি "সম্প্ৰীতি-৯"-ৰ যুটিয়া অনুশীলন আৰু পৰস্পৰে পৰস্পৰক বুজিব পৰা সৌহাদ্য অনুশীলন বুলিও জানিব দিয়ে ৷