ETV Bharat / state

লাডেনক চিকিৎসা প্ৰদান বন বিভাগৰ

বন্যহস্তীটোৰ দীঘল দাঁত কটাৰ পৰিকল্পনাৰে দুস্কৃতিকাৰীয়ে আহত কৰিছিল লাডেনক । হাতীটোৰ পাছফালৰ বাঁওভৰিখনত সোমাই আছিল ৰ’ড । আহত লাডেনক চিকিৎসা প্ৰদান বন বিভাগৰ ৷

লাডেনক চিকিৎসা প্ৰদান বন বিভাগৰ
author img

By

Published : Jul 6, 2019, 11:06 PM IST

ৰঙাপৰা,06 জুলাইঃ জীৱন মৰণৰ সৈতে যুঁজি থকা বনৰীয়া হাতী লাডেনক অৱশেষত বন বিভাগে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে । শোণিতপুৰৰ ৰঙাপৰাত সন্ত্ৰাস চলাই থকা 'লাডেন' নামৰ বনৰীয়া হাতীটোক চিকিৎসা কৰাৰ উদ্দেশ্যৰে আজি পুৱা কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত থকা বিশ্বনাথ চাৰিআলিৰ ডব্লিউ টি আইৰ চিকিৎসক ৰিংকু গোহাঁই ৰঙাপৰাত উপস্থিত হয় । ৰঙাপৰাৰ ২ নং নাহৰণী গ্ৰাণ্টত বিচৰণ কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোক ট্ৰেংকুইলাইজ কৰা হয় । দুবাৰকৈ ট্ৰেংকুইলাইজ কৰা বনৰীয়া হাতীটোক প্ৰকৃতি প্ৰেমী সৌৰভ বৰকটকী, দিলীপ নাথ, জিলা বন বিষয়া ৰঞ্জিত কোঁৱৰ, আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ সহযোগত চিকিৎসা আগবঢ়োৱা হয় ৷

লাডেনক চিকিৎসা প্ৰদান বন বিভাগৰ

অভিযোগ অনুসৰি প্ৰকাণ্ড বন্যহস্তীটোৰ দীঘল দাঁত কটাৰ পৰিকল্পনাৰে দুস্কৃতিকাৰীয়ে আহত কৰিছিল লাডেনক । হতীটোৰ পাছফালৰ বাঁওভৰিখনত সোমাই আছিল ৰ’ড । ভৰিখনৰ যন্ত্ৰণাত বন্যহস্তীটোৱে খোজ কাঢ়িব নোৱাৰি আৰ্তনাদ কৰি ইফালৰ পৰা সিফালে বিচৰণ কৰি ফুৰিছিল । বনৰীয়া হাতীটো ক্ৰমান্বয়ে সুস্থ হৈ উঠিব বুলি স্থানীয় ৰাইজ, বন বিভাগ আৰু সংবাদকৰ্মী সকলে আশা প্ৰকাশ কৰিছে ।

Intro:শোণিতপুৰৰ ৰঙাপৰাত আহত লাডেনক চিকিৎসা প্ৰদান বন বিভাগৰঃ ট্ৰেংকুইলাইজৰে বিষ নিৰাময় বেজীৰে চিকিৎসাBody:ৰঙাপৰাঃ জীৱন মৰণৰ সৈতে যুঁজি থকা বনৰীয়া হাতীটোক অৱশেষত বন বিভাগে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে। শোণিতপুৰৰ ৰঙাপৰাত সন্ত্ৰাস চলাই থকা 'লাডেন' নামৰ বনৰীয়া হাতীটোক চিকিৎসা সেৱা কৰাৰ উদ্দেশ্যৰে আজি পুৱা কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত থকা বিশ্বনাথ চাৰিআলিৰ ডব্লিউ টি আইৰ চিকিৎসক ৰিংকু গোহাঁই ৰঙাপৰা উপস্থিত হয়। ৰঙাপৰাৰ ২ নং নাহৰণী গ্ৰাণ্টত বিচৰণ কৰি থকা আঘাত প্ৰাপ্ত বনৰীয়া হাতীটোক
ট্ৰেংকুইলাইজ কৰে। দুবাৰকৈ ট্ৰেংকুইলাইজ কৰা বনৰীয়া হাতীটোক প্ৰকৃতি প্ৰেমী সৌৰভ বৰকটকী, দিলীপ নাথ, জিলা বন বিষয়া ৰঞ্জিত কোঁৱৰ, আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ উপস্থিতি লোহাৰ ৰড সোমাই আঘাত প্ৰাপ্ত স্থানত চিকিৎসক গৰাকীয়ে চাফ-চিকুন কৰাৰ লগতে বিষ নিৰাময় বেজি দিয়ে। অভিযোগ অনুসৰি প্ৰকাণ্ড বন্যহস্তীটোৰ দীঘল দাঁত কটাৰ পৰিকল্পনাৰে দুস্কৃতিকাৰীয়ে নিক্ষেপ কৰিছিল ৰ’দ। পাছফালৰ বাঁওভৰিখনত সোমাই আছিল ৰ’দ। ভৰিখনৰ যন্ত্ৰণাত বন্যহস্তীটোৱে খোজ কাঢ়িব নোৱাৰি আৰ্তনাদ কৰি ইফালৰ পৰা সিফালে বিচৰণ কৰি ফুৰিছিল। বনৰীয়া হাতীটো ক্ৰমান্বয়ে সুস্থ হৈ উঠিব বুলি স্থানীয় ৰাইজ, বন বিভাগ আৰু সংবাদকৰ্মী সকলে আশা প্ৰকাশ কৰিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.