ETV Bharat / state

লাডাখৰ সূচিলত ভাৰত-চীনৰ কামণ্ডাৰ পৰ্যায়ৰ সপ্তমলানি বৈঠক সম্পন্ন - লাডাখৰ সূচিলত ভাৰত-চীনৰ কামণ্ডাৰ পৰ্যায়ৰ সপ্তমলানি বৈঠক সম্পন্ন

মঙলবাৰে ভাৰত-চীন সীমান্তৰ সূচিলত ভাৰতীয় সেনা বাহিনী আৰু চীনৰ পি.এল.এৰ সৈতে সপ্তম পৰ্যায়ৰ বৈঠকখন সুচাৰুৰূপে সম্পন্ন হয় ৷

লাডাখৰ সূচিল
লাডাখৰ সূচিল
author img

By

Published : Oct 13, 2020, 7:32 PM IST

তেজপুৰ,১৩ অক্টোবৰ: ভাৰতীয় সেনা বাহিনী আৰু চীনৰ পি.এল.এৰ সৈতে মঙলবাৰে ভাৰত-চীন সীমান্তৰ সূচিলত সপ্তম পৰ্যায়ৰ বৈঠকখন সুচাৰুৰূপে সম্পন্ন হয় বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফ্টেনেণ্ট কৰ্ণেল পি খোংচাই ৷ দুয়োখন দেশৰ বৃহৎ সামৰিক বাহিনীৰ জ্যেষ্ঠ কামাণ্ডাৰ পৰ্যায়ৰ বৈঠকত শান্তি শৃংখলা আৰু লাইন অৱ এক্সুৱেল কণ্ট্ৰ'লৰ ভাৰত-চীনৰ পশ্চিম এলেকাত মুখামুখি নোহোৱাকৈ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ দুয়ো দেশৰ সৈন্যই গঠনমূলক পৰামৰ্শ,পাৰস্পৰিক সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্তত উপনীত হয় ৷

বৈঠকত দুয়োখন দেশৰ সৈন্যই ৰাজনৈতিক আৰু সেনাৰ বাৰ্তালাপৰ ডাইলগ মানি চলা সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে মুখপাত্ৰ গৰাকীয়ে ৷ লগতে যুটীয়াভাৱে সীমাৰ নীতি নিয়ম অনুসৰি কাম কৰি যাবলৈ সন্মতি প্ৰদান কৰে বুলি বিবৃতিযোগে জনায় ৷ উল্লেখ্য যে,বিগত সময়ছোৱাত সেনাৰ উচ্চস্তৰীয় কেইবালানিও বৈঠক অনুষ্ঠিত হয় যদিও,সীমান্তৰ পৰা সেনা বাহিনী প্ৰত্যাহাৰ কৰা হোৱা নাছিল ৷ আনহাতে লাডাখ পাহাৰীয়া অঞ্চলত দুয়ো দেশৰ সেনাই যুঁজাৰু বিমান চলাচল কৰিছিল ৷ তাৰ পাচতে অৰুণাচল প্ৰদেশৰ সীমান্তত সেনা মোতায়েন আৰু সঞ্চালন বৃদ্ধি কৰা পৰিলক্ষিত হৈছিল ৷

লগতে পঢ়ক: তথ্য জনাৰ অধিকাৰ আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.