ETV Bharat / state

Satellite Communication Exercise : ভাৰতীয় সেনাৰ অত্যাধুনিক উপগ্ৰহীয় প্ৰযুক্তি 'স্কাইলাইট' অনুশীলন আৰম্ভ

ভাৰতীয় সেনাই বৰ্তমান স্বতন্ত্ৰভাবে নিজাববীয়াকৈ উপগ্ৰহৰ বাবে কাম কৰা আৰম্ভ কৰিছে । কিয়নো পূৰ্বতে ভাৰতীয় সেনাৰ নিজা উপগ্ৰহ নাছিল আৰু (ISRO) ইছৰোৰ কেইবাটাও উপগ্ৰহৰ পৰা সেৱা গ্ৰহণ কৰি আহিছে । ইছৰোৰ উপগ্ৰহত বিভিন্ন প্ৰকাৰৰ শ শ যোগাযোগ টাৰ্মিনেল সংযুক্ত হৈ আছে ।

author img

By

Published : Aug 8, 2022, 8:51 PM IST

Satellite Communication Exercise
Satellite Communication Exercise

তেজপুৰ, ৮ আগষ্ট : অলপতে পূব লাডাখ সীমান্তৰ আকাশীপথৰ সীমা উলংঘা কৰি চতুৰ চীনা পিপ'লছ লিবাৰেচন আৰ্মীৰ এয়াৰ ফ'ৰ্চৰ (Air Force of Peoples Liberation Army) যুঁজাৰু জাহাজ ভাৰতৰ সীমাত প্ৰৱেশ কৰাৰ চেষ্টা কৰাত ভাৰতে তাৎক্ষণিকভাৱে সেনাৰ এয়াৰ ডিফেন্স ছিষ্টেম সক্ৰিয় কৰে (Army Air Defence System) । পিছপৰি থকা ভাৰতীয় সেনাবাহিনীয়ে এই ঘটনাৰ পিছত ভাৰতীয় সেনাই অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত নিজৰ শক্তিশালী স্থিতিৰ পৰিচয় দিবলৈ মহাকাশত আৰম্ভ কৰে Satellite Communication Exercise স্কাইলাইট (SkyLight) ।

ভাৰতীয় সেনাৰ এ ডি জি পি আইৰ টুইটাৰ হেণ্ডেলত এই তথ্য প্ৰকাশ কৰিছে । অতি উন্নত প্ৰযুক্তিৰ এই মহাকাশৰ চেটেলাইতে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানত সহায় কৰিব । মুঠ ১০০ টা উপগ্ৰহ যোগাযোগ ব্যৱস্থা স্থাপনেৰে সেনাই এই অনুশীলন আৰম্ভ কৰিছে ২৯ জুলাইৰ পৰা মহাকাশত । এই ব্যৱস্থাৰ সম্পূৰ্ণ নিজা আৰু ইয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে শেহতীয়াকৈ ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজত আমেৰিকাই নিজাববীয়াকৈ ছেটেলাইতৰ জৰিয়তে ইউক্ৰেইনক কৰা সহায়ৰ বাবে (Ukrain Russia war) । ইউক্ৰেইনৰ এয়াৰ ডিফেন্স ছিষ্টেম ধ্বংস আৰু মূল টাৱাৰৰ সংযোগ বিছিন্ন হোৱাৰ পিছত আমেৰিকাৰ ছেটেলাইতে ইণ্টাৰনেটত গুৰুত্বপূৰ্ণ তথ্য, শত্ৰুপক্ষৰ অৱস্থিতিৰ বিষয়ে ইউক্ৰেইনক তথ্য যোগান ধৰি ৰাছিয়াৰ ক্ষতি কৰে ।

ভাৰতীয় সেনাৰ অত্যাধুনিক উপগ্ৰহীয় প্ৰযুক্তি 'স্কাইলাইট' অনুশীলন আৰম্ভ

কিন্তু এই ছেটেলাইত যোগাযোগৰ অনুশীলন ভাৰতীয় সেনাই কিয় কৰিবলগীয়া হ'ল ? নে ভাৰতৰ লগত কোনো দেশে পুনৰ যুদ্ধৰ অভিসন্ধি ৰচনা কৰিছে নেকি ? পোনতে এই ক্ষেত্ৰত ভাৰতক সদায় তীক্ষ্ণ দৃষ্টিৰে লক্ষ্য ৰাখি যুদ্ধৰ অনুশীলন চলাই থকা চীনৰ নাম আৰু তাৰ পিছত পাকিস্তানৰ নাম আহে । বিগত সময়ছোৱাত গালোৱান ঘাটিত সংঘটিত ঘটনা আৰু তাৰ পিছত ২০২০ চনত অৰুণাচল প্ৰদেশৰ সীমান্তত আন্তঃৰাষ্ট্ৰীয় সীমানীতি উলংঘা কৰি লুংলা অঞ্চলত ৩৪ বাৰ, জেমিথাং অঞ্চলত ২০ বাৰ আৰু বুমলা অঞ্চলত 17 বাৰ অনুপ্ৰৱেশ কৰাটোৱে ইয়াৰ এক প্ৰমাণ ।

কিন্তু ইয়াৰ পিছতে ভাৰতীয় সেনাই সীমান্ত অঞ্চলত অত্যাধুনিক এয়াৰ ডিফেন্স ছিষ্টেম স্থাপন কৰে । তেজপুৰ মিছামাৰীৰ বায়ুসেনাৰ ঘাটিৰ (Tezpur Misamari Air Force Base) পৰা 'আন মেন ড্ৰোণ' সীমান্তৰ ওপৰত তীক্ষ্ণ দৃষ্টিৰ বাবে প্ৰয়োগ কৰে । ভাৰতীয় সেনাই বৰ্তমান স্বতন্ত্ৰভাবে নিজাববীয়াকৈ উপগ্ৰহৰ বাবে কাম কৰা আৰম্ভ কৰিছে । কিয়নো পূৰ্বতে ভাৰতীয় সেনাৰ নিজা উপগ্ৰহ নাছিল আৰু (ISRO) ইছৰোৰ কেইবাটাও উপগ্ৰহৰ পৰা সেৱা গ্ৰহণ কৰি আহিছে । ইছৰোৰ উপগ্ৰহত বিভিন্ন প্ৰকাৰৰ শ শ যোগাযোগ টাৰ্মিনেল সংযুক্ত হৈ আছে । ফলস্বৰূপে বিভিন্ন ক্ষেত্ৰত সেনাৰ বাবে অসুবিধাৰ সন্মুখীন হয় ।

উল্লেখযোগ্য যে বৰ্তমান ভাৰতত মাত্ৰ দুটা সমৰ্পিত সামৰিক উপগ্ৰহ আছে । সেয়া হৈছে ক্ৰমান্বয়ে ভাৰতীয় নৌসেনা আৰু বায়ুসেনাই ব্যৱহাৰ কৰা (GSAT 7 RUKMINI) জিছেট-৭ ৰুক্মিণী আৰু (GSAT 7 A ANGRY BIRD) জিছেট ৭ এ এংৰি বাৰ্ড ।

অলপতে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই (Indian Army Eastern Commander Lt Gen Rana Pratap Kalita) উত্তৰ প্ৰান্তৰ সীমান্তত হ'ব পৰা যিকোনো আকস্মিক পৰিস্থিতিৰ বাবে সেনাৰ কৰণীয় আৰু আত্মনির্ভৰ ভাৰতৰ যোগেদি ২৪ ঘণ্টাই প্ৰস্তুত থকাৰ বিষয়ে তেজপুৰত সেনাৰ উচ্চবৰ্গৰ এখন আলোচনা-চক্ৰত মন্তব্য কৰিছিল । স্মৰ্তব্য যে এই আলোচনাত এনেধৰণৰ কাৰিকৰী কৌশলসমূহৰ বিষয়ে স্থান লাভ কৰাটো নিশ্চিত ।

লগতে পঢ়ক :Clash Between JDU and BJP : পট পৰিৱৰ্তন হ’ব নেকি বিহাৰ চৰকাৰৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.