ETV Bharat / state

ভাৰতীয় সেনাৰ পকীবেৰ নিৰ্মাণ: চিৰদিনৰ বাবে বন্ধ প্ৰতিমা বিসৰ্জনস্থলী

author img

By

Published : May 15, 2019, 5:09 PM IST

মিছামাৰীত ভাৰতীয় সেনা ছাউনীৰ উৰ্ধ্বতন কৰ্তৃপক্ষই জধে-মধে পকীবেৰ নিৰ্মাণ কৰাত চিন্তিত হৈ পৰিছে বৃহত্তৰ মিছামাৰীবাসী। এইদৰে পকীবেৰ নিৰ্মাণ কৰাত বন্ধ হৈ পৰিব গাভৰু নৈৰ শাৰদীয় দূৰ্গা প্ৰতিমা বিসৰ্জনস্থলী ৷

ভাৰতীয় সেনাৰ পকীবেৰ নিৰ্মাণ

ৰঙাপৰা,15 মে': শোণিতপুৰ জিলাৰ মিছামাৰীত ভাৰতীয় সেনা ছাউনীৰ নিৰাপত্তাৰ দোহাই দি সেনাৰ উৰ্ধ্বতন কৰ্তৃপক্ষই জধে-মধে পকীবেৰ নিৰ্মাণ কৰিছে ৷ ইয়াৰ ফলত বৃহত্তৰ মিছামাৰীবাসী চিন্তিত হৈ পৰিছে কাৰণ চিৰদিনৰ বাবে বন্ধ হৈ পৰিব গাভৰু নৈৰ শাৰদীয় দূৰ্গা প্ৰতিমা বিসৰ্জনস্থলী ৷

ভাৰতীয় সেনাৰ পকীবেৰ নিৰ্মাণ : চিৰদিনৰ বাবে বন্ধ প্ৰতিমা বিসৰ্জনস্থলী

উল্লেখ্য যে, মিছামাৰীবাসী ৰাইজে প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা দূৰ্গা পূজাৰ প্ৰতিমাসমূহ মিছামাৰীৰ কাষেৰে বৈ যোৱা গাভৰু নৈত বিসৰ্জন দিয়া হয়। কিন্তু সেনা কৰ্তৃপক্ষই নৈৰ ঘাটলৈ যোৱা পথচোৱাত পকীবেৰ নিৰ্মাণ কৰাৰ ফলত মিছামাৰীত অনুষ্ঠিত হৈ অহা ৩০-৩৫ খন দূৰ্গা পূজা সমিতিয়ে অনাগত দিনত কোন ঠাইত প্ৰতিমা বিসৰ্জন দিব তাকে লৈ চিন্তিত হৈ পৰিছে সকলো ৷

Intro:মিছামাৰীত ভাৰতীয় সেনাই নিৰ্মাণ কৰিলে চৌহদৰ পকীবেৰঃ চিৰদিনৰ বাবে বন্ধ হল গাভৰু নদীত বিসৰ্জনৰস্থলী।

Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ মিছামাৰীত ভাৰতীয় সেনা ছাউনিৰ নিৰাপত্তাৰ দোহাই দি সেনাৰ উৰ্ধ্বতন কৰ্তৃপক্ষই জধে-মধে চৌহদৰ পকীবেৰ নিৰ্মাণ কৰাত বৃহত্তৰ মিছামাৰীবাসী চিন্তিত হৈ পৰিছে। সেনা বাহিনীৰ কৰ্তৃপক্ষই এইদৰে চৌহদৰ পকীবেৰ নিৰ্মাণ কৰাত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। উল্লেখ্য যে মিছামাৰীবাসী ৰাইজে প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি আহিছে শাৰদীয় দূৰ্গা পূজা। দশমীৰ দিনা পূজা সমিতি সমূহে দূৰ্গাৰ প্ৰতিমা সমূহে প্ৰশাসনৰ সহযোগত মিছামাৰীৰ কাষেৰে বৈ যোৱা গাভৰু নদীত বিসৰ্জন দি আহিছে। কিন্তু সেনাৰ ছাউনীৰ কৰ্তৃপক্ষই নদীৰ ঘাটলৈ যোৱা পথচোৱাত পকীবেৰ নিৰ্মাণ কৰাৰ পিছত মিছামাৰীত অনুষ্ঠিত হৈ অহা ৩০-৩৫ খন দূৰ্গা পূজা সমিতি সমূহে অনাগত দিনত কোন ঠাইত প্ৰতিমা বিসৰ্জন দিব তাকে লৈ চিন্তিত হৈ পৰিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.