ETV Bharat / state

অসমত ৰোধ হৈছে গঁড়ৰ চোৰাং চিকাৰঃ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য - চোৰাং চিকাৰী বিৰোধী অভিযান

বন মন্ত্ৰীৰ জনসম্পৰ্ক বিষয়া শৈলেদ্ৰ পাণ্ডে ই টিভি ভাৰতক জনায় যে, বন বিভাগে একেৰাহে চলাই থকা চোৰাং চিকাৰী বিৰোধী অভিযানৰ বাবে ২০১৬ ৰ পৰা গঁড় নিধনত ব্যৰ্থ হৈছে চোৰাং চিকাৰী । ২০১৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমত মুঠ ২২ টা গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰাৰ বিপৰীতে ২০১৯ চনত মাত্ৰ ৩ টা গঁড় চিকাৰীয়ে হত্যা কৰে বুলি কয় বিষয়া গৰাকীয়ে ৷

In Assam poached has been prevent on Rhino
অসমত গঁড়ৰ চোৰাং চিকাৰ ৰোধ হৈছেঃবনমন্ত্ৰী পৰিমল শুক্লবৈদ্য
author img

By

Published : Sep 21, 2020, 10:03 PM IST

তেজপুৰ,21ছেপ্তেম্বৰঃ অসমত গঁড়ৰ চোৰাং চিকাৰ ৰোধ হৈছে ৷ বিশ্ব গঁড় দিৱসৰ প্ৰাকমূৰ্হুতত এই মন্তব্য কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । তদুপৰি মন্ত্ৰীগৰাকীয়ে, অসমত বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ খৰ্গৰ বাবে চোৰাং চিকাৰী এক ডাঙৰ সমস্যা বুলি উল্লেখ কৰে ৷ ইপিনে, বন মন্ত্ৰীৰ জনসম্পৰ্ক বিষয়া শৈলেদ্ৰ পাণ্ডে ই টিভি ভাৰতক জনায় যে, বন বিভাগৰ একেৰাহে চলাই থকা চোৰাং চিকাৰী বিৰোধী অভিযানৰ বাবে ২০১৬ ৰ পৰা গঁড় নিধনত ব্যৰ্থ হৈছে চোৰাং চিকাৰী । ২০১৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমত মুঠ ২২ টা গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰাৰ বিপৰীতে ২০১৯ চনত মাত্ৰ ৩ টা গঁড় চিকাৰীয়ে হত্যা কৰে বুলি কয় বিষয়া গৰাকীয়ে ৷

In Assam poached has been prevent on Rhino
অসমত গঁড়ৰ চোৰাং চিকাৰ ৰোধ হৈছেঃবনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

আনহাতে, বর্তমান পৃথিৱীত মাত্ৰ ৫ টা প্ৰজাতিৰ গঁড়ৰ ভিতৰত অসমত আটাইতকৈ বেছি গঁড় পোৱা যায় ৷ অসমত এই সংখ্যা দৈনিক বৃদ্ধি পোৱাৰ কথা সাংবাদিকক অৱগত কৰি শেহতীয়াকৈ ২০১৮ চনৰ পিয়ল অনুসৰি আজোমাত মুঠ ২৬৫০ টা গঁড় সংৰক্ষিত বনাঞ্চলত আছে বুলি মন্তব্য কৰে বনমন্ত্ৰী গৰাকীয়ে । ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ কাৰণত প্ৰায় ১০০ টা গঁড়ৰ মৃত্যু হয় যদিও নতুন জন্ম বৃদ্ধি পোৱাৰ কথা জনায় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

উল্লেখযোগ্য যে, প্ৰত্যেক বছৰে ২২ ছেপ্টেম্বৰ দিনটোত বিশ্ব গঁড় দিৱস হিচাপে পালন কৰা হয় আৰু এই দিৱস ২০১০ চনত দক্ষিণ আফ্ৰিকাত প্ৰথম ঘোষণা কৰিছিল WWF এ ৷ ইয়াৰ পাছত বিশ্বত এই ৫ টা প্ৰজাতিৰ গঁড় সংৰক্ষণৰ বাবে অনলাইন আৰু অফ লাইনৰ যোগেদি বিভিন্ন ধৰণে প্ৰচাৰ চলাই আহিছে ।

লগতে পঢ়কঃবিটিচিৰ নিৰ্বাচন পিছুওৱা সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰনীয়াৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.