তেজপুৰ, ১৩ মাৰ্চ : ৰাজ্যৰ অব্যাহত আছে সুৰাৰ অবৈধ সৰবৰাহ (Illegal supply of liquor in Assam) । যাৰ বাবে আবকাৰী বিভাগ আৰু আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই আহিছে । তেনে এক অভিযানৰ মাজতে শনিবাৰে শোণিতপুৰ জিলাৰ আবকাৰী বিভাগে বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় (Excise department of Sonitpur seized illicit liquor) ।
![Illegal supply of alcohol](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-12march-01-pix-wineseize-pranabkumardas-7203907_12032022165501_1203f_1647084301_340.jpg)
ভালুকপুঙৰ পৰা মহাদেৱপুৰলৈ গৈ থকা অৱস্থাত বালিপৰাত এখন ট্ৰাকৰ পৰা জব্দ কৰে প্ৰায় ১৬০০ কাৰ্টন বিলাতী সুৰা । অবৈধ সুৰা ভৰ্তি ট্ৰাকখন জব্দ কৰাৰ (Illegal liquor laden truck seized in Sonitpur) লগতে ট্ৰাকৰ চালককো বিভাগে কৰায়ত্ত কৰি আৰক্ষীক হস্তান্তৰ কৰিছে ।
অনুজ্ঞাপত্ৰ বিহীন সুৰাখিনিৰ মূল্য প্ৰায় ৮০ লাখ টকা হ'ব বুলি জানিব পৰা গৈছে । ইফালে ট্ৰাকখনৰ নথিপত্ৰকলৈও আৰক্ষীৰ সন্দেহ হৈছে । কিয়নো বাহনখনৰ পঞ্জীয়ন নম্বৰ আৰু চেচিছ নম্বৰৰ কোনো মিল নাই ।
![Illegal supply of alcohol](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-12march-01-pix-wineseize-pranabkumardas-7203907_12032022165501_1203f_1647084301_420.jpg)
আনহাতে, শোণিতপুৰ জিলাৰ মাজেৰে প্ৰায়ে এনেদৰে অৰুণাচলৰ পৰা সুৰাৰ অবৈধ সৰবৰাহ হোৱা দেখা যায় । কিন্তু এইক্ষেত্ৰত বহু সময়ত আবকাৰী বিভাগৰ নমনীয় স্থিতি গ্ৰহণ কৰা দেখা যায় । যাক লৈ একাংশ লোকে বিভিন্ন ধৰণৰ প্ৰশ্নও উত্থাপন কৰিছে ।
লগতে পঢ়ক : Illegal Cattle Smuggling : চৰাইদেউৰ সাপেখাটিত গৰুৰ চোৰাং সৰবৰাহকাৰী আটক