ETV Bharat / state

তেজপুৰত IIT আৰু JEE পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ

'স্কলাৰ্ছ'ৰ উদ্যোগত তেজপুৰত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কৰা হৈছে IIT আৰু JEE পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা । শুক্ৰবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰতিষ্ঠানটোৱে এই কথা প্ৰকাশ কৰে ।

তেজপুৰত IIT আৰু JEE পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ
তেজপুৰত IIT আৰু JEE পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ
author img

By

Published : Dec 18, 2020, 7:53 PM IST

তেজপুৰ, ১৮ ডিচেম্বৰ: উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে 'স্কলাৰ্ছ' নামৰ প্ৰতিষ্ঠানটোৱে । নতুন বছৰৰ আৰম্ভণিতে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে তেজপুৰত IIT আৰু JEE পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব । শুক্ৰবাৰে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভা কক্ষত এক সংবাদমেল সম্বোধন কৰি 'স্কলাৰ্ছ ছুপাৰ ৩০' শীৰ্ষক এক বিনামূলীয়া প্ৰশিক্ষণ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে 'স্কলাৰ্ছ' নামৰ প্ৰতিষ্ঠানটোৱে ।

তেজপুৰত IIT আৰু JEE পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ

২০২১ চনৰ জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত প্রথমবাৰৰ বাবে প্ৰশিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জনায় । দ্বিতীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব । 'স্কলাৰ্ছ'ৰ কেম্পাছ সঞ্চালিকা পাৰ্বতী সোণোৱালৰ নেতৃত্বত ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলত প্রথমবাৰৰ বাবে এই বিনামূলীয়া প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে । IIT আৰু JEE পৰীক্ষাত সাফল্য লাভৰ বাবে মুঠ ৩০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়া হ'ব । এই শিতানত অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ ছাত্ৰ-ছাত্ৰীসকলক সামৰি লোৱা হৈছে বুলি মন্তব্য কৰে সঞ্চালক সঞ্জীৱ কে সিঙে । বিভিন্ন জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ বাবে বিশেষ ব্যৱস্থা থাকিব বুলিও জনায় ।

লগতে পঢ়ক:গীৰ্জা ভঙা কাণ্ডত দোষী সাব্যস্ত মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.