ETV Bharat / state

Arms and ammunition seized: মণিপুৰৰ ম’ৰেত বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ - Huge cache of arms and ammunition seized at Moreh in Manipur

মণিপুৰত নিৰাপত্তা বাহিনীৰ অভিযানত জব্দ হ'ল মাৰণাস্ত্ৰ(Huge cache of arms and ammunition seized at Moreh) । ৰাজ্যখনৰ ম’ৰেৰ চিক্কিম ভেং গাঁৱত অভিযান চলাই এই বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ কৰে । এখন বাহনৰ পৰা মাৰণাস্ত্ৰখিনি জব্দ কৰে নিৰাপত্তা বাহিনীয়ে ।

Arms seized in Manipur
মণিপুৰৰ মৰেত বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ
author img

By

Published : Dec 23, 2021, 3:33 PM IST

নেশ্যনেল ডেস্ক, ২৩ ডিচেম্বৰ: ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পৰ অধীনত আইজিএআৰ(দক্ষিণ)ৰ ম’ৰে বেটেলিয়নৰ জোৱানে মঙলবাৰে মণিপুৰত অভিযান চলাই জব্দ কৰে বৃহৎ সংখ্যক আগ্নেয়াস্ত্ৰ(Huge cache of arms and ammunition seized at Moreh) । প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল ববিং সিঙে জনোৱা মতে, মৰেৰ চিক্কিম ভেং গাঁৱত এই অভিযান চলোৱা হৈছিল । সীমান্তৰ সেনাৰ আধিপত্য থকা অঞ্চলত টহল দিয়াৰ সময়তে সেনা বাহিনীৰ জোৱানৰ দলে চীনা ভাষাৰ চিহ্ন থকা এখন বাহনত সন্দেহজনক পেকেট প্ৰত্যক্ষ কৰে । তালাচীৰ অন্তত বাহনখনৰ চালকজনে স্বীকাৰ কৰে যে, মাৰণাস্ত্ৰখিনি তেওঁ ম’ৰেৰ এখন হোটেলৰ পৰা আনিছে ।

মাৰণাস্ত্ৰখিনি চুৰা চান্দপুৰলৈ সৰবৰাহ কৰি থকা অৱস্থাতে সেনাই চালকজনক আটক কৰে । ইয়াৰ পাচতে নিৰাপত্তা বাহিনীয়ে ম’ৰেৰ উক্ত হোটেলখনত অভিযান চলায় আৰু যুদ্ধত ব্যৱহাৰ হোৱা ধৰণৰ বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্ৰী জব্দ কৰে । নিৰাপত্তা বাহিনীয়ে পিকেটিনী ৰেইলছ, আগ্নেয়াস্ত্ৰৰ আনুষংগিক সামগ্ৰীৰ বাবে মাউণ্টিং প্লেটফৰ্ম, সামৰিক পোছাক আৰু এটা উচ্চ চাপসম্পন্ন নিউমেটিক পাম্প জব্দ কৰে ।

পৰৱৰ্তী তদন্ত প্ৰক্ৰিয়াৰ বাবে জব্দকৃত সামগ্ৰীবোৰ সোনাই ম’ৰে আৰক্ষীক গটাই দিয়ে ।

লগতে পঢ়ক:Extortion case in Hamren : দাবী কৰা ধন নিবলৈ আহি ৰঙাঘৰৰ আলহী যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.