ETV Bharat / state

প্ৰয়াত ৰাহুল জৈনৰ বাসগৃহত স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা

author img

By

Published : Apr 10, 2021, 10:27 PM IST

দুষ্কৃতিকাৰীৰ আক্ৰমনত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু বৰণ কৰা চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ যুৱ সমাজকৰ্মী তথা পূৱ শোণিতপুৰ বিজেপি দলৰ যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি, নিষ্ঠাবান বিজেপি কৰ্মী ৰাহুল জৈনৰ বাসগৃহত শনিবাৰে উপস্থিত হয় বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা ৷ ২৫ মাৰ্চৰ দিনা চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ বিজেপি দলৰ নিৰ্বাচনী কাৰ্যালয়ৰপৰা ঘৰলৈ বুলি ওভতাৰ পথত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে কোনো দুষ্কৃতিকাৰীয়ে তেওঁক আক্ৰমণ কৰে ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু বৰণ কৰিছিল বিজেপি কৰ্মী ৰাহুল জৈন ৷

health-minister-himanta-biswa-sarma-visit-chatia
প্ৰয়াত ৰাহুল জৈনৰ বাসগৃহত স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা

চতিয়া,১০ এপ্ৰিল: প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ দুদিন পূৰ্বে দুষ্কৃতিকাৰীৰ আক্ৰমনত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু বৰণ কৰা চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ যুৱ সমাজকৰ্মী তথা পূৱ শোণিতপুৰ বিজেপি দলৰ যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি, নিষ্ঠাবান বিজেপি কৰ্মী ৰাহুল জৈনৰ বাসগৃহত শনিবাৰে উপস্থিত হয় বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা ৷ উল্লেখ্য যে, ২৫ মাৰ্চৰ দিনা চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ বিজেপি দলৰ নিৰ্বাচনী কাৰ্যালয়ৰপৰা ঘৰলৈ বুলি ওভতাৰ পথত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে কোনো দুষ্কৃতিকাৰীয়ে তেওঁক আক্ৰমণ কৰে ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল বিজেপি কৰ্মী ৰাহুল জৈন ৷

উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল যদিও গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ সময়তে যোৱা সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৰাহুল জৈনে ৷ শনিবাৰে স্বাস্থ্য তথা বিত্তমন্ত্ৰী গৰাকীৰ লগতে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰকে ধৰি বিজেপি দলৰ কেবাগৰাকীও বিষয়ববীয়া প্ৰয়াত ৰাহুল জৈনৰ বাসগৃহত উপস্থিত হয় ৷ ৰাহুল জৈনৰ এই অকাল মৃত্যুত মন্ত্ৰী ড. হিমন্ত বিশ্বশৰ্মাই গভীৰ শোক প্ৰকাশ কৰে আৰু লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি উক্ত ঘটনাৰ লগত জড়িত সকলক উচিত শাস্তি প্ৰদান কৰা হব বুলি প্ৰকাশ কৰে ৷

লগতে পঢ়ক : অৰুণাচলত আৱদ্ধ অসমৰ ১৭ গৰাকী শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.