ETV Bharat / state

Gorsam Kora festival: পশ্চিম অৰুণাচলৰ জেমিথাঙত আয়োজিত গোৰ্ছাম কোৰা উৎসৱৰ সামৰণি

চাৰিটা দিনৰ অন্তত সামৰণি পৰিল পশ্চিম অৰুণাচলৰ জেমিথাঙত ভাৰত-ভূটানৰ মাজত আয়োজিত গোৰ্ছাম কোৰা উৎসৱ (India Bhutan Observe Gorsam Kora Festival) ৷ এই উৎসৱৰ শেষৰ দিনটোৰ কাৰ্যসূচী অনুসৰি, খিংজেমানে নামৰ পবিত্ৰ গছত সমূহীয়া প্ৰাৰ্থনা কৰাৰ লগতে প্লাষ্টিক ফ্ৰী জিমিথাঙৰ বাবে দৌৰ, মেডিকেল কেম্প আৰু পূৰ্বৰ জিমিথাং উপত্যকাৰ মাজেৰে ট্ৰেকিং আদিও অনুষ্ঠিত কৰা হয় ৷

Gorsam Kora festival concluded
সামৰণি পৰিল গোৰ্ছাম কোৰা উৎসৱ
author img

By

Published : Mar 21, 2023, 8:59 PM IST

সামৰণি পৰিল গোৰ্ছাম কোৰা উৎসৱ

তেজপুৰ, ২১ মাৰ্চ : অৱশেষত সামৰণি পৰিল ভাৰত-ভূটানৰ মাজত আয়োজিত গোৰ্ছাম কোৰা উৎসৱৰ ৷ চলিত মাহৰ ১৮ তাৰিখৰ পৰা পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ জেমিথাং চক্ৰৰ গোৰ্ছাম চোৰ্টেনত ভাৰত-ভূটানৰ মাজত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত হৈছিল এই গোৰ্ছাম কোৰা উৎসৱটি (India Bhutan Observe Gorsam Kora Festival) ৷ এই কথা সদৰী কৰে গুৱাহাটী প্ৰতিৰক্ষাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে ৷

পশ্চিম অৰুণাচলৰ জেমিথাঙত ভাৰত-ভূটানৰ মাজত সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্য প্ৰদৰ্শনৰ জৰিয়তে বন্ধুত্ব স্থাপনৰ উদ্দেশ্যে পালন কৰা হয় এই বিশেষ ধৰ্মীয় উৎসৱটি ৷ এই উৎসৱলৈ অহা ভাৰত আৰু ভূটান উভয়ৰে তীৰ্থ যাত্ৰীয়ে ধৰ্মীয় প্ৰাৰ্থনা কৰে ৷ বাৰ্ষিক এই তীৰ্থ যাত্ৰাই ভাৰত আৰু ভূটানৰ মাজৰ ঐতিহাসিক সংযোগৰ এক বিশেষ সাক্ষ্য বাহন কৰি আহিছে ৷ যাৰ প্ৰমাণ বহন কৰে ভূটানৰ ত্ৰাশী ইয়াংচেৰ চোৰ্টেন কোৰা আৰু জিমিথাঙৰ গোৰ্ছাম কোৰাৰ মাজত আয়োজিত এই উৎসৱটিয়ে (Gorsam Kora festival at Zemithang) ।

Gorsam Kora festival concluded
জেমিথাঙত আয়োজিত গোৰ্ছাম কোৰা উৎসৱ

গুৱাহাটী প্ৰতিৰক্ষাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে কয় যে, জিমিথাঙত অৰুণাচল প্ৰদেশৰ স্থানীয় জনগোষ্ঠীৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হয় ৷ আয়োজকসকলকক স্থানীয় অসামৰিক প্ৰশাসন আৰু ভাৰতীয় সেনা বাহিনীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সহায় কৰে ।

মঙলবাৰে আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণিতে মহামহিম পদ্মশ্ৰী থেংচে ৰিনপোচেৰ দ্বাৰা খিংজেমানে নামৰ পবিত্ৰ গছত সমূহীয়া প্ৰাৰ্থনা কৰা হয় । তাৰ পাচত ভাৰতীয় সেনাই পাইপ বেণ্ড আৰু যুদ্ধ নৃত্য প্ৰদৰ্শনৰ লগতে স্থানীয় লোকে সাংস্কৃতিক নৃত্যও প্ৰদৰ্শন কৰে ।

India Bhutan Observe Gorsam Kora Festival
ভাৰত-ভূটানৰ মাজত আয়োজিত গোৰ্ছাম কোৰা উৎসৱ

কেন্দ্ৰীয় চৰকাৰৰ ‘‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’’ৰ অংশ হিচাপে স্থানীয় জনসাধাৰণক জড়িত কৰাৰ বাবে কিছুমান বিশেষ কাৰ্যসূচীও অনুষ্ঠিত কৰে ৷ যেনে প্লাষ্টিক ফ্ৰী জিমিথাঙৰ বাবে দৌৰ, মেডিকেল কেম্প আৰু পূৰ্বৰ জিমিথাং উপত্যকাৰ মাজেৰে ট্ৰেকিং আদি ।

এই উৎসৱত ভূটান, টাৱাং আৰু নিকটৱৰ্তী অঞ্চলৰ পৰা অসংখ্য তীৰ্থযাত্ৰী আৰু লামাসকলে অংশগ্ৰহণ কৰে । অঞ্চলটোত ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰচেষ্টাৰ অংশ হিচাবে ভাৰতীয় সেনাই স্থানীয় জনসাধাৰণ আৰু অসামৰিক প্ৰশাসনৰ সৈতে মিলি এই উৎসৱৰ সফল পৰিচালনাৰ বাবে কাম কৰি দুৰ্গম অঞ্চলত বসবাস কৰা লোকসকলক মূলসুঁতিলৈ একত্ৰিত কৰাটো নিশ্চিত কৰাৰ দিশত নিজৰ অটল সংকল্প প্ৰকাশ কৰে ।

লগতে পঢ়ক : 259th Convocation of SSB Soldiers : সীমান্তৱৰ্তী দুৰ্গম এলেকাত সশস্ত্ৰ সীমা বলৰ নুতুন সীমান্ত চকী নিৰ্মাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.