ETV Bharat / state

স্পীয়েৰ কৰ্পছ জি অ' চিৰ দায়িত্বভাৰ গ্ৰহণ লেফটেনেন্ট জেনেৰেল জনচন পি মেথিওৰ

author img

By

Published : Feb 10, 2021, 7:11 PM IST

নাগালেণ্ডৰ স্পীয়েৰ কৰ্পছৰ জি অ' চি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে লেফটেনেন্ট জেনেৰেল জনচন পি মেথিওই । বুধবাৰে লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ পৰা লেফটেনেন্ট জেনেৰেল জনচন পি মেথিওই দায়িত্বভাৰ গ্ৰহণ কৰে ।

স্পীয়েৰ কৰ্পছৰ জি অ' চিৰ দায়িত্বভাৰ গ্ৰহণ লেফটেনেন্ট জেনেৰেল জনচন পি মেথিওৰ

তেজপুৰ, ১০ ফেব্ৰুৱাৰী: বুধবাৰে নাগালেণ্ডৰ স্পীয়েৰ কৰ্পছৰ জি অ' চিৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে লেফটেনেন্ট জেনেৰেল জনচন পি মেথিওই । লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই লেফটেনেন্ট জেনেৰেল জনচন পি মেথিওক দায়িত্বভাৰ অৰ্পণ কৰে ।

১৯৮৫ চনত লেফটেনেন্ট জেনেৰেল মেথিওই ইনফেণ্টৰী বিষয়া হিচাপে পঞ্জাৱ ৰেজিমেণ্টত নিয়োজিত হৈ আছিল । তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সেনা বিভাগত কাম কৰি অহাৰ লগতে সন্ত্ৰাসবাদী বিৰোধী অভিযানত কৰ্মৰত হৈ আছিল । তেওঁ পূৰ্বে উত্তৰ-পূৰ্ৱাঞ্চলৰ আৰ আৰ ছেক্টৰত ইনফেণ্টৰী বেটেলিয়নত ব্ৰিগেডিয়াৰ হিচাপে কৰ্তব্যৰত আছিল আৰু জম্মু-কাস্মীৰত ভিক্টৰ ফ'ৰ্চত জেনেৰেল কামাণ্ডাৰৰ দায়িত্ব পালন কৰিছিল ।

বুধবাৰে নাগালেণ্ডৰ স্পীয়েৰ কৰ্পছৰ জি অ' চিৰ দায়িত্ব গ্ৰহণ কৰি তেওঁ উত্তৰ-পূৰ্ৱাঞ্চলৰ লোকসকলক শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায় । দেশৰ সুৰক্ষাৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে লেফটেনেন্ট জেনেৰেল জনচন পি মেথিওক অতি বিশিত সেৱা পদক, বিশিত সেৱা পদকেৰে সন্মানিত কৰা হৈছে ।

লগতে পঢ়ক:ৰাজ্য়ৰ ক্ৰীড়াক্ষেত্ৰত সুনাম অৰ্জন কাৰ্বি আংলঙৰ খেলুৱৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.