ETV Bharat / state

GOC-in-c on India China Face off: ভাৰতীয় সেনাৰ হাতত সুৰক্ষিত হৈ আছে দেশৰ সীমান্ত: ৰাণা প্ৰতাপ কলিতা - ভাৰতীয় সেনা

ভাৰত-চীন সীমান্তত অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত ৮ টা সংবেদনশীল এলেকা(Sensitive Zone) আছে, য’ত বিভিন্ন ঠাইত চীন আৰু ভাৰতৰ তৰফৰ পৰা তীক্ষ্ণ দৃষ্টি ৰখা হয় । ইয়াৰ ভিতৰৰ এটা বিশেষ স্থান হ’ল, য’ত ৯ ডিচেম্বৰত ভাৰত-চীন সেনাৰ(India-China dispute) মাজত সংঘৰ্ষৰ সূত্ৰপাত হ’ল ৷ যাৰ ফলত দুয়োপক্ষৰ সেনা সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হয় ৷ এই কথা সদৰি কৰিছে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ৷

GOC-in-c on India China Face off
ভাৰতীয় সেনাৰ হাতত সুৰক্ষিত হৈ আছে দেশৰ সীমান্ত: ৰাণা প্ৰতাপ কলিতা
author img

By

Published : Dec 17, 2022, 8:52 PM IST

Updated : Dec 20, 2022, 10:15 AM IST

তেজপুৰ, ১৭ ডিচেম্বৰ: অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ(India-China Border) য়েংষ্টে ছেক্টৰত চীনা সৈন্যৰ সৈতে ভাৰতীয় সৈন্য মুখা-মুখি সংঘৰ্ষক(India-China face off) কেন্দ্ৰ কৰি আজিও অব্যাহত আছে উত্তেজনা ৷ এই সন্দৰ্ভত বিজয় দিৱসত মন্তব্য প্ৰকাশ কৰিছে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী জেনেৰেল ৰাণা প্ৰতাপ কলিতাই (General Officer Commanding-in-Chief Rana Pratap Kalita) ৷

সেনা বিষয়াগৰাকীয়ে কয় যে, ‘‘LAC(Line of Actual Control)ত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হোৱাৰ মূলতে হ’ল, এই সমূহ স্থানত এতিয়াও বহু অমীমাংসিত অঞ্চল আছে(LAC disputed area) ৷ ভাৰত-চীন সীমান্তত অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত ৮ টা সংবেদনশীল এলেকা(Sensitive Zone) আছে, য’ত বিভিন্ন ঠাইত চীন আৰু ভাৰতৰ তৰফৰ পৰা তীক্ষ্ণ দৃষ্টি ৰখা হয় । ইয়াৰ ভিতৰৰ এটা বিশেষ স্থান হ’ল, য’ত ৯ ডিচেম্বৰত ভাৰত-চীন সেনাৰ(India-China dispute) মাজত সংঘৰ্ষৰ সূত্ৰপাত হ’ল ৷ যাৰ ফলত দুয়োপক্ষৰ সেনা সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হয় ৷ ’’

লগতে সেনা বিষয়াগৰাকীয়ে কয় যে, ‘‘এই সংঘৰ্ষত মাত্ৰ কেইজনমান সেনাহে আঘাত প্ৰাপ্ত হৈছে আৰু এই সন্দৰ্ভত কোনো ধৰণৰ উৰা বাতৰি প্ৰচাৰ কৰিব নালাগে ৷’’ এই সংঘৰ্ষৰ পিছতে স্থানীয় সেনা বিষয়াৰে উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হোৱাৰ কথাও সদৰি কৰে সেনা বিষয়াগৰাকীয়ে(Rana Pratap Kalita on India-China face off) ৷

জেনেৰেল কলিতাই কয় যে, ‘‘PLA সেনাই(CHINA PLA ARMY) সঘনাই সীমান্তৰ নীতি ভংগ কৰিবলৈ চেষ্টা কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতীয় সেনা(Indian Army) যথেষ্ট পৰিমাণে সক্ৰিয় হৈ আছে ।’’ উত্তৰ-পূৱ সীমান্তত কোনো ধৰণৰ চিন্তাৰ প্ৰয়োজন নাই আৰু সীমান্ত সুৰক্ষিত হৈ আছে বুলিও উল্লেখ কৰে সেনা বিষয়াগৰাকীয়ে ৷

ইফালে, যোৱা 10-15 বছৰৰ ভিতৰত ফ্ৰণ্টিয়াৰ এলেকাত LAC ৰ সমান্তৰাল ভাৱে বিভিন্ন আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰাৰ কথা উল্লেখ কৰাৰ লগতে সীমান্তৰ পথ উন্নত কৰাৰ সমান্তৰালভাৱে সকলো ধৰণৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ড নিৰ্মাণ, বায়ুসেনাৰ ঘাটি স্থাপন, সৈন্য বাহিনীৰ মোটায়েন কৰা হৈছে বুলিও সংবাদমাধ্যমৰ আগত সদৰি কৰে ৷ দেশৰ আভ্যন্তৰীণ সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবেও ভাৰতীয় সেনা সষ্টম হৈ থকা বুলিও মন্তব্য কৰে ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ৷

লগতে পঢ়ক: Reaction on Rahul Gandhi statement: ৰাহুল গান্ধীক প্ৰত্যুত্তৰ টাৱাংবাসীৰ: ভাৰতীয় সেনাইহে চীনা সৈন্যক পিটিছিল

Last Updated : Dec 20, 2022, 10:15 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.