তেজপুৰ, ২৩ এপ্ৰিল: প্ৰেমে নাজানে বয়সৰ সীমা, নামানে সমাজৰ বাধা ৷ তেজপুৰত প্ৰেমজনিত কাৰণত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে (lover suicide case in Tezpur) ৷ এগৰাকী যুৱতীয়ে কিশোৰ প্ৰেমিকৰ লগত সংসাৰ পাতিবলৈ নাপায় আত্মহননৰ দৰে চৰম পথ বাচি লয় (Girl suicide for love) ৷
ঘটনাৰ বিৱৰণী অনুসৰি ঈদৰ দিনটোতেই এগৰাকী যুৱতীয়ে ঈদ খাবলৈ যোৱাৰ গইনা লৈ প্ৰেমিকৰ সৈতে পলাই যায় (Youth suicide in Eid) ৷ নিশালৈ যুৱতীগৰাকী ঘৰলৈ উভতি নহা দেখি পৰিয়ালৰ লোকে খা খবৰ কৰি গম পায় যে, যুৱতীগৰাকীয়ে কিশোৰ প্ৰেমিকৰ সৈতে পলাই যায় ৷ লগে লগে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে মহাভৈৰৱ থানাত খবৰ দিয়ে ৷
ইয়াৰ পাচতে আৰক্ষীয়ে প্ৰেমিকযুগলক আটক কৰি আৰক্ষী চকীলৈ লৈ আহে ৷ কিন্তু ঈদৰ ব্যস্ততাৰ বাবে আৰক্ষীয়ে প্ৰেমিকাৰ পৰিয়ালবৰ্গৰ লগত যোগাযোগ কৰিবলৈ সক্ষম নহয় (Girl suicide in Sakhi) ৷ আনহাতে নিশাই ১৬ বছৰীয়া প্ৰেমিকক ঘৰলৈ যাবলৈ দিয়ে আৰক্ষী ৷
ইফালে যুৱতীগৰাকীৰ পৰিয়ালৰে যোগাযোগ নোহোৱাত যুৱতীগৰাকীক ঘৰলৈ পঠিয়াব পৰা নহ'ল ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে আধুনিক অসম আৰক্ষী চকীত নাই মহিলাক ৰাখিব পৰা ব্যৱস্থা ৷ ফলত সখী নামৰ এক চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এক অৱস্থান কেন্দ্ৰত ৰাখিবলগীয় হয় যুৱতীগৰাকীক ।
কোনোধৰণৰ নিৰাপত্তা ব্যৱস্থা তথা আৰক্ষীৰ তত্বাৱধান নথকা অৱস্থান কেন্দ্ৰত এনেদৰে যুৱতীগৰাকীক নিশাটো পাৰ কৰিবলৈ দিয়া ঘটনাত অপমানবোধ কৰে যুৱতীগৰাকীয়ে ৷ ফলত সেই নিশাই সখী নামৰ কেন্দ্ৰটোত নিশাই আত্মহত্যা কৰে যুৱতীগৰাকীয়ে ৷
লগতে পঢ়ক: Delhi Saket Court Firing : 25 লাখ টকীয়া লেন দেনৰ বাবেই অধিবক্তাৰ ওপৰত আক্ৰমণ; আটক অভিযুক্ত
পুৱা এই খবৰ লাভ কৰাৰ পাচত সৰগ ভাগি পৰে আত্মহত্যা কৰা প্ৰেমিকাৰ পৰিয়ালবৰ্গৰ মূৰত ৷ আৰক্ষীৰ দ্বায়িত্বজ্ঞানহীনতাৰ বাবে যুৱতীগৰাকীয়ে আত্মহত্যা কৰাৰ অভিযোগত তুলি আৰক্ষীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে পৰিয়ালৰ লোক ৷ আনহাতে এখন আৰক্ষী চকীত মহিলাক ৰখাৰ সুবিধা নথকা ঘটনাই উদঙাই দিলে অসম আৰক্ষীৰ ফোঁপোলা স্বৰূপ ৷