তেজপুৰৰ , ১০ আগষ্টঃ কাৰিকৰী মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীবৃন্দ, ছাত্ৰ-ছাত্ৰীৰ সাহিত্য প্ৰতিভা বিকাশৰ সুযোগ আগবঢ়াই প্ৰতিবছৰে প্ৰকাশ কৰা আলোচনীখনৰ উন্মোচক হিচাপে উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ ম'লিকোলাৰ বায়'লজী আৰু বায়'টেকন'লজী বিভাগৰ সহকাৰী অধ্যাপক ড° পংকজ বৰা। অনুষ্ঠানত ড° বৰায়ে নিজৰ গৱেষণা আৰু কৰ্মজীৱনৰ অভিজ্ঞতা সামৰি সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। সফলতা লাভৰ কাৰণে আত্মবিশ্বাস আৰু আত্মবিশ্লেষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ আগত বহলাই বাখ্যা কৰে অধ্যাপকগৰাকীয়ে ।
আলোচনীখন উন্মোচনৰ পিছতে তেওঁ ইয়াৰ ওপৰত এক চমু আলোকপাত আগবঢ়ায় । তেওঁৰ লগতে অতিথি মল্লিকা দত্তয়ো ভাষণ প্ৰদান কৰে ৷ আলোচনীখনৰ ষষ্ঠ সংখ্যাৰ সম্পাদক ছাত্ৰ হিমাংশু চহৰীয়াই সকলোৰে সহায়-সহযোগিতা স্বীকাৰ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে । সহকাৰী অধ্যাপিকা প্লাৱিতা বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত অসমৰ বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা তথা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে ভাষণ প্ৰদান কৰে ।