তেজপুৰ,১২ জুলাই : প্ৰথমবাৰৰ কাৰণে ভাৰতীয় সেনা বাহিনীৰ গজৰাজ ক'ৰ্পচৰ জি অ' চি লে:জেনেৰেল শান্তনু দয়ালে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ লগতে প্ৰশাসনিক বিষয়া আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰে কোভিড-১৯ সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । লগতে সেনাৰ জি অ' চি গৰাকীয়ে ক'ভিড-১৯ ৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত জিলাখনৰ স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ সকলো কৰ্মচাৰীয়ে পালন কৰি অহা কৰ্তব্যৰ শলাগ লৈ জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ হাতত প্ৰথম শাৰীৰ যুদ্ধাৰ লগত অভিহিত কৰি এটি উপহাৰ প্ৰদান কৰে ।

ক'ভিড-১৯ ৰ লগত হোৱা যুদ্ধখনত শোনিতপুৰ জিলা প্ৰশাসন, সেনা আৰু স্বাস্থ্য বিভাগৰ মাজত হোৱা সমন্বয় তথা সহযোগীতাৰো শলাগ ললে গজৰাজ ক'ৰ্পচৰ জি অ' চি গৰাকীয়ে ।

লগতে পঢ়ক : অখিল গগৈৰ আশু আৰোগ্য কামনাৰে বাঘজানৰ আশ্ৰয় শিবিৰত বন্তি প্ৰজ্বলন