তেজপুৰ, 22 মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো সংহাৰী ৰূপ হৈছে কৰ’ণা মহামাৰীয়ে ৷ ক্ৰমাৎ অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19ৰ সংক্ৰমণ ৷ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷
সমান্তৰালভাৱে, শোণিতপুৰ জিলাখনত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিড মহামাৰীয়ে ৷ জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি শনিবাৰে জিলাখনত নতুনকৈ 263 গৰাকী লোক ক’ভিড-19ত আক্ৰান্ত হোৱাৰ লগতে 4 গৰাকীকৈ লোকৰ মৃত্যু ঘটিছে ৷
মৃত লোক কেইগৰাকী ক্ৰমে তেজপুৰৰ নিকটৱৰ্ত্তী বিন্দুকুৰিৰ লক্ষ্মী মাহাতু (৬৫), গৰৈমাৰীৰ সম্ভু সিং(৫২), ৰঙাপৰাৰ শিবানী (৩৬)আৰু জামুগুৰি বাটমাৰীৰ ইন্দিৰা দেৱী নেৱাৰ (৭০) বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, বৰ্তমান শোণিতপুৰত প্ৰায় 2500 গৰাকী সক্ৰিয় কৰ’ণা ৰোগী থকাৰ বিপৰীতে ৬২ গৰাকী লোকৰ মৃত্যু ঘটিছে ।
লগতে পঢ়ক : কুমচাং চাহ বাগিচাত 10 গৰাকী কৰ’ণাত আক্ৰান্ত