তেজপুৰ, ১ জুলাই : বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত আৰম্ভ হ'ল উত্তৰ অসমৰ (North Assam) প্ৰথমখন উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম । তেজপুৰ মিছন চাৰিআলিৰ গটঙাত বৃহস্পতিবাৰে তেজপুৰ লোকসভা (Tezpur Lok Sabha) সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে ভূমি পূজনৰে উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰে । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ (15 no National Highway) আৰু নগাঁও সংলগ্ন ৩৭ (এ) সংযোগী পথত নিৰ্মাণ হ'ব বহু প্ৰত্যাশিত এই উৰণীয়া সেঁতু (Flyover) খন ৷
উত্তৰ অসমৰ একমাত্ৰ অতি ব্যস্ততাপূৰ্ণ পথটো হৈছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । বাইহাটা চাৰিআলিৰ পৰা ধেমাজিৰ জোনাই হৈ অৰুণাচল প্ৰদেশৰ পাছিঘাটলৈকে যোগাযোগ স্থাপন কৰা গুৰুত্বপূৰ্ণ পথটোত দীৰ্ঘদিন ধৰি যান-জঁটৰ এক ভয়াৱহ সমস্যাই দেখা দি আহিছে । তাৰ বিপৰীতে নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ পৰা গুৱাহাটী আৰু উজনি অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ নাগালেণ্ড-মণিপুৰ সংযোগী একমাত্ৰ পথটো ভাৰতীয় সেনা বাহিনীৰ (Indian Army) বাবেও সদায় ব্যস্ততাপূৰ্ণ হৈ থাকে ।
মুঠ ৩.২ কিল’মিটাৰ দৈৰ্ঘৰ এই উৰণীয়া সেঁতুৰ বৰ্তমানলৈকে আৱণ্টন হোৱা ধনৰাশিৰ প্ৰায় ৩১৫ কোটি টকা মুকলি কৰি দিয়া বুলি জানিবলৈ দিয়ে সাংসদ পল্লৱলোচন দাসে (Pallab Lochan Das) । ইফালে এই উৰণীয়া সেঁতুৰ কাম পৰৱৰ্তী দুটা বছৰৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব বুলিও সাংসদগৰাকীয়ে উল্লেখ কৰে । বিগত নিৰ্বাচনৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী (Ex Chief Minister of Assam) সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিবলগীয়া এই উৰণীয়া সেঁতুৰ কাম নিৰ্বাচনৰ অধিসূচনাৰ বাবে স্থগিত হৈ আছিল ।
আনহাতে, ভাৰতীয় সেনাৰ উত্তৰ-পূৰ্বাঞ্চলৰ চতুৰ্থ ক’ৰ্পছৰ কাৰ্যালয় এই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত হোৱাৰ বাবে কিছু পলম হয় । ৰাজ্য চৰকাৰৰ লগত বহুলানি আলোচনাৰ পিছতহে এই উৰণীয়া সেঁতু নিৰ্মাণ সম্ভৱ হৈ পৰে । ভূমি পূজনত উপস্থিত থাকে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস, শোণিতপুৰৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনাৱাত ।
লগতে পঢ়ক : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত কি ক'লে শিক্ষামন্ত্রীয়ে