ETV Bharat / state

চাৰিদুৱাৰত বানৰ তাণ্ডৱ : পাঁচটাকৈ স্থানত ছিগিল মথাউৰি

author img

By

Published : Jul 27, 2019, 9:33 PM IST

মানশিৰি আৰু কমলাবাগান নদীৰ বাঢ়নি পানীয়ে পাঁচটাকৈ স্থানত মথাউৰি ভাঙি পেলোৱাত জলমগ্ন চাৰিদুৱাৰ অঞ্চলৰ কেইবাখনো গাওঁ ৷ বানৰ কবলত পৰি বানাক্ৰান্তৰ হাহাকাৰ

বানৰ কবলত শোণিতপুৰৰ চাৰিদুৱাৰ, পাঁচটাকৈ স্থানত ছিগিল মথাউৰি

ৰঙাপৰা, 27 জুলাইঃ বানপানীৰ কবলত শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গড়মৰা আৰু মৰিসূঁতি গাঁও । মানশিৰি আৰু কমলাবাগান নদীৰ বাঢ়নী পানীয়ে পাঁচটাকৈ স্থানত মথাউৰি ছিঙি পেলোৱাত জলমগ্ন হয় চাৰিদুৱাৰ অঞ্চলৰ কেইবাখনো গাওঁ । বিগত কেইবাদিনো ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়িছে জীয়াভৰলী, মানশিৰি, জৰাসৰ নদীৰ বাঢ়নী পানী ।

বানৰ কবলত শোণিতপুৰৰ চাৰিদুৱাৰ, পাঁচটাকৈ স্থানত ছিগিল মথাউৰি

লগতে বাঢ়নী পানীয়ে বুৰাই পেলাই অসম-অৰুণাচল সীমান্তৰ দোৱাঙনী, দক্ষিণ আমলগা, কেকেৰাজুলি, ননকেবাকোলা মাৰিসূঁতি গাঁৱকে আদি কৰি অঞ্চলটোৰ বৃহৎ কৃষিভূমি । মৰিসূঁতি-আমলগা সংযোগী পথৰ ওপৰেদি পানী বাগৰি থকাত যাতায়তৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ ।

আৰু পঢ়কঃ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ মন্ত্ৰী ৰঞ্জিত দত্তৰ অনুদান

Intro:শোনিতপুৰৰ চাৰিদুৱাৰ বানৰ কবলতঃ তিনিটাকৈ স্থানত ভাঙিল মাথাউৰিঃ ৰাইজৰ হাহাকাৰBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গড়মৰা আৰু মৰিসূঁতি গাঁও বানপানীয়ে বুৰাই পেলাই। মানশিৰি আৰু কমলাবাগান নদীৰ বাঢ়নি পানীয়ে পাঁচটাকৈ স্থানত মথাউৰি ভাঙি পেলোৱাত চাৰিদুৱাৰ অঞ্চলৰ কেইবাখনো গাওঁ যোৱা নিশাৰে পৰা বানৰ কবলত পৰে। বিগত কেবাদিননো ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত জীয়াভৰলী, মানশিৰি, জৰাসৰ নদী সমূহ ফেনে-ফুটুকাৰে বাঢ়ি বৈ আছে। বাঢ়নি পানীয়ে অসম-অৰুণাচল সীমান্তৰ দোৱাঙনী, দক্ষিন আমলগা, কেকেৰাজুলি, ননকেবাকোলা মাৰিসঁতি গাওঁ আৰু অঞ্চলটোৰ বৃহৎ কৃষিভূমি পানীয়ে বুৰাই পলাই। মৰিসূঁতি-আমলগা সংযোগী পথৰ ওপৰেদি পানী বাগৰি থকা ৰাইজে যাতায়াত কৰা ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। ইপিনে, চাৰিদুৱাৰত মানশিৰি নদী, কমলাবাগান নদীৰ পাৰত থকা পাঁচটাকৈ স্থানত মথাউৰি ভাঙি নিয়াত বানপানীৰ কবলত পৰিছে ৰাইজ। গাঁও সমূহৰ বাসগৃহৰ ভিতৰত এবুকু, এককাল পানী হোৱাত ৰাইজে খোৱা খাদ্য বনোৱাৰ পৰা বিৰত থাকিবলগীয়া হয়। সম্প্ৰতি জীয়াভৰলী নৈখন বিপদ সীমাৰ ওপৰৰে বৈ থকাত নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.