ETV Bharat / state

কামেং নদীৰ দূষিত পানীক লৈ চিন্তিত কেন্দ্ৰীয় চৰকাৰ - পাকে ব্যাঘ্ৰ প্ৰকল্প

কামেং নদীৰ দূষিত পানী সন্দৰ্ভত বুধবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰী তথা পশ্চিম অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেণ ৰিজিজু কেন্দ্ৰীয় জলসম্পদ বিভাগৰ লগত বৈঠকত মিলিত হয় ।

fishes-are-dying-in-kameng-river-in-arunachal
কামেং নদীৰ দূষিত পানীক লৈ চিন্তিত কেন্দ্ৰীয় চৰকাৰ
author img

By

Published : Nov 3, 2021, 7:58 PM IST

তেজপুৰ, ৩ নৱেম্বৰ : অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ কামেং নদীৰ দূষিত পানী আৰু অস্বাভাৱিক ধৰণে অত্যাধিক মাছৰ মৃত্যুৰ পিছত চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ । কেন্দ্ৰীয় আইন মন্ত্ৰী তথা পশ্চিম অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেণ ৰিজিজুৱে মঙলবাৰে এই সন্দৰ্ভত কেন্দ্ৰীয় জল সম্পদ বিভাগৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।

fishes-are-dying-in-kameng-river-in-arunachal
কামেং নদীৰ দূষিত পানীক লৈ চিন্তিত কেন্দ্ৰীয় চৰকাৰ

ইফালে কামেং নদীত চাৰিদিন ধৰি অস্বাভাৱিক ধৰণে মাছৰ মৃত্যু হোৱাৰ পিছত শোণিতপুৰ জিলা প্ৰশাসনে 31 অক্টোবৰৰ নিশা এক নিৰ্দেশনা জাৰি কৰি জীয়া ভৰলী নদীৰ ওপৰত ওপঙি অহা মাছ খোৱা আৰু ধৰাৰ লগতে পানী খোৱাত নিষেধাজ্ঞা জাৰি কৰিছিল । অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ কামেং নদীৰ তলৰ অংশ অসমত শোণিতপুৰ জিলাত জীয়া ভৰলী নাম লৈ তেজপুৰত ব্ৰহ্মপুত্ৰৰ লগত মিলিত হৈছে ।

ইতিমধ্যে ইটিভি ভাৰতৰ পূৰ্বৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, মিৰজিঙলা নামৰ ঠাইত মৃত্যু হোৱা মাছৰ হাৰ অত্যাধিক আৰু স্থানীয় ৰাইজে এই মাছ ধৰাৰ বাবে হেতা-ওপৰা লগাইছে । পূব কামেং জিলাৰ উপায়ুক্তৰ লগত ইটিভি ভাৰতৰে হোৱা এক টেলিফোনিক বাৰ্তালাপত উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, কামেং নদীৰ উৎস গৰিছেন নামৰ তিব্বতৰ নামনিত এক ভয়ানক ভূ স্খলনৰ দৰে দৃশ্য চেটেলাইট মানচিত্ৰৰ জৰিয়তে সম্ভেদ পোৱা হৈছে ৷ অৱশ্যে উক্ত অঞ্চলত এতিয়ালৈ কোনো চৰকাৰী বিষয়া উপস্থিত হ’ব পৰা নাই ।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে ইতিমধ্যে এই বোকা পানীৰ উৎস বিচাৰি পোৱা বুলি কেন্দ্ৰীয় জলসম্পদ বিভাগে তেওঁক জানিবলৈ দিয়াৰ কথা সদৰি কৰে । 13 অক্টোবৰত উক্ত স্থানত 3.4 তীব্ৰতাৰ এক ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ কথাও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে পূৱ কামেং জিলাৰ উপায়ুক্তই কলকাতাৰ ভূ-তত্ব বিভাগৰ লগত যোগাযোগ অব্যাহত ৰাখিছে বুলি জানিব দিয়ে ।

মন্ত্ৰী ৰিজিজুৱে সমগ্ৰ বিষয়টো কেন্দ্ৰীয় জলসম্পদ বিভাগক ক্ষিপ্ৰতাৰে লক্ষ্য ৰাখিবলৈ আৰু অৰুণাচল প্ৰদেশৰ চৰকাৰৰ লগতে জিলাৰ বিষয়াৰ লগত সঘন যোগাযোগ ৰাখিবলৈ নিৰ্দেশ দিছে । ইতিমধ্যে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে বৈ অহা এই নদীৰ পানী বুধবাৰে অত্যাধিক প্ৰদূষিত হোৱা দেখিবলৈ পোৱা গৈছে ৷ ফলস্বৰূপে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ প্ৰতিও ই এক ভাবুকিৰ সৃষ্টি কৰিছে । নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ লগতে পূব কামেং জিলাৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে এই জলৰাশিয়ে ।

লগতে পঢ়ক : কামেং নদীত উদ্ধাৰ মৰা মাছ : শোণিতপুৰৰ উপায়ুক্তই জাৰি কৰিলে সতৰ্কতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.