ETV Bharat / state

Manipur Violence : পপী খেতি আৰু প্ৰব্ৰজিত উগ্ৰপন্থীৰ গোট মণিপুৰৰ হিংসাত্মক কাৰ্যৰ প্ৰধান কাৰণ নেকি !

author img

By

Published : Jun 19, 2023, 5:50 PM IST

হিংসাজৰ্জৰ মণিপুৰত আজিও স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত আছে । কিন্তু শান্তিপূৰ্ণ অৱস্থাৰ পৰিৱেশ অহা নাই । মণিপুৰৰ এই পৰিৱেশ হঠাতে উদ্ভৱ কেনেকৈ হ'ল এইটো এটা জটিল প্ৰশ্ন । এতিয়াও ৰাজ্যখনত সান্ধ্য আইন অব্যাহত আছে । দেওবাৰে মণিপুৰৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত আনকি বিদেশতো মণিপুৰৰ এই হিংসাত্মক কাৰ্যৰ বিৰুদ্ধে পৰম্পৰাগত পদ্ধতিৰে হাতত জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

Manipur Violence
Manipur Violence

তেজপুৰ, ১৯ জুন : মণিপুৰ হৈছে ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত এক সুন্দৰ পাহাৰীয়া ৰাজ্য । লগতে এই ৰাজ্যখনে উগ্ৰপন্থী আৰু নিচাযুক্ত দ্ৰৱ্য তথা ড্ৰাগছ আৰু পপী খেতিৰ এক বিশেষ বৃহৎ বজাৰ দখল কৰি আহিছে । শেহতীয়াকৈ মণিপুৰ চৰকাৰে এই পপী খেতিসমূহ ধ্বংস কৰি আহিছে । চলিত বৰ্ষত এপ্ৰিল মাহলৈকে পাহাৰীয়া জনজাতীয় লোকসকলে কৰা ১,১৫৪ একৰ ভূমিৰ পপী খেতি ধ্বংস কৰে । এই পপী খেতিৰ ৮০ শতাংশ পাহাৰীয়া জনজাতি অৰ্থাৎ কুকি সম্প্ৰদায়ৰ লোকে কৰে আৰু বাকী অংশ অন্য লোকসকলে কৰে ।

জনজাতীয় লোকসকলৰ ভিতৰত কুকি আৰু মণিপুৰী নগাসকল আছে যদিও নগাসকলে এই পপী খেতি নকৰে আৰু কোনো ধৰণৰ নিচাযুক্ত ব্যৱসায়ৰ লগত জড়িত নহয় । এই পপী খেতি চৰকাৰে বন্ধ কৰাৰ বাবে পাহাৰীয়া জনজাতীয় লোকসকল এক প্ৰকাৰ ক্ষোভি হৈ পৰে । তাৰ লগতে বনাঞ্চলত বসবাস কৰা লোকসকলৰ বিৰুদ্ধেও চলোৱা হয় উচ্ছেদ অভিযান । এই দুই ঘটনাৰ লগতে সংযুক্ত হৈ পৰে শেহতীয়া মেইটেইসকলৰ বাবে ঘোষিত জনজাতীয় মৰ্যাদাৰ স্বীকৃতি ।

লগে লগে জাঙুৰ খাই উঠে পপী খেতিত চৰকাৰে হস্তক্ষেপ কৰা জনজাতীয় সম্প্ৰদায়ৰ লোকসকল। মণিপুৰত এই হিংসাত্মক কাৰ্যত ওতপ্ৰোতভাৱে জড়িত হৈ পৰে কুকি বিদ্ৰোহী গোটৰ একাংশ । যুদ্ধ বিৰতিত থকা আৰু একাংশ প্ৰব্ৰজিত ম্যানমাৰৰ কুকি বিদ্ৰোহী ইয়াত জড়িত । এই তথ্য হৈছে মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কে মেঘাচন্দ্ৰৰ । তেওঁ সোমবাৰে পুনৰ কয় যে সীমান্ত অতিক্ৰম কৰি অহা ম্যানমাৰৰ সন্ত্ৰসবাদী গোটে মণিপুৰত অশান্তিৰ সৃষ্টি কৰি আহিছে ।

মণিপুৰৰ বিভিন্ন জিলাৰ ক্ষতিগ্ৰস্তৰ তালিকা

উল্লেখযোগ্য যে বিগত ৪৮ দিনত মণিপুৰৰ টেংনৌপাল জিলাত ৯ খন গাঁৱৰ ১,৩১০ টা গৃহ, পূব ইম্ফল জিলাত ১,৯৮৪ টা ঘৰ আৰু ৮,৮৪৯ জন লোক, বিষ্ণুপুৰ জিলাত ১,০৪০ টা ঘৰ আৰু ৪,২৯৫ জন লোক, ইম্ফল পূবৰ ৪৯ খন গাঁৱত ৪,৪৮২ টা ঘৰ আৰু ২২,৫৫৯ জন লোক, কাকচিং জিলাত ৬ খন গাঁৱত ২,০৪০ টা গৃহ আৰু ১০,২০০ পৰিয়াল, কংজং গাঁৱত ৪৮ টা ঘৰ আৰু ১৪৫ জন লোক আৰু জিৰিবামত ৫৪ টা ঘৰ জ্বলাৰ বিপৰীতে ৫০ টা পৰিয়াল গৃহহীন হয় ।

আনহাতে, মণিপুৰৰ কুকি উগ্ৰপন্থী, যিসকলে SoO-ৰ অধীনত শিবিৰ আছে, তাৰ ভিতৰত চুৰাচান্দপুৰ জিলাত সকলোতকৈ বেছি । কুকি নেচনেল আৰ্মী আৰু কুকি নেচনেল অৰ্গেনাইজেচনকে ধৰি মুঠ ২৫ টা উগ্ৰপন্থী গোটে ২০৫ টা অত্যাধুনিক অস্ত্ৰ আৰু ২,৭৭৬ টা বিভিন্ন অস্ত্ৰ-শস্ত্ৰ মজুত ৰাখিছে । আনহাতে, এই অস্ত্ৰ-শস্ত্ৰবোৰৰ বেছিভাগৰে চৰকাৰী অনুজ্ঞা-পত্ৰ নাই । তথ্য অনুসৰি, চুৰাচান্দপুৰৰ ৩০-৫৫ কিলোমিটাৰ ভিতৰত ৬ টা এনে শিবিৰ আছে ।

তথ্য অনুসৰি, এই হিংসাত্মক ঘটনাত ৩ মে'ৰ পৰা দুজন সেনাবাহিনীৰ জোৱান আৰু এজন আৰক্ষী বিষয়া নিহত হৈছে । ইয়াৰে ভিতৰত ২১২ জন গুলীবিদ্ধ হৈ আহত হয় । আনহাতে, ১২০ জনৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ৫০,৬৪৮ জন বৰ্তমানেও আশ্ৰয় শিবিৰত আছে । আনহাতে, চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে ৩৪ টা গোচৰ ৰুজু কৰিছে আৰু ৬৫ জনক গ্ৰেপ্তাৰ কৰিছে । এই তথ্য মণিপুৰৰ ১৫ টা সংগঠনে ৰাষ্ট্ৰসংঘলৈ হস্তক্ষেপৰ বাবে প্ৰেৰণ কৰিছে ।

ইফালে মেঘাচন্দ্ৰই সোমবাৰে জনায় যে মণিপুৰৰ ১০ গৰাকী কুকি বিধায়কৰ ভিতৰত দুগৰাকী বিধায়িকাৰ স্বামী উগ্ৰপন্থী গোটৰ অধ্যক্ষৰ দায়িত্বত আছে । কিন্তু কেন্দ্ৰীয় চৰকাৰে এই হিংসাত্মক কাৰ্য বন্ধ কৰিবলৈ চেষ্টা কৰিলে মাত্ৰ এটা সপ্তাহতে ৰোধ কৰিব পাৰে আৰু মণিপুৰত শান্তি-শৃংখলা বিৰাজ কৰিব । কিন্তু ডাবল ইঞ্জিনৰ চৰকাৰে এইটো কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে বুলিও কংগ্ৰেছ নেতাজনে দাবী কৰে ।

লগতে পঢ়ক :Manipur Violence : মণিপুৰত হাতত জোঁৰ লৈ বৃহৎ মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.