ETV Bharat / state

চিমেন্টৰ বস্তাৰ মাজত ওলাল কাৰ্টনে কাৰ্টনে বিলাতী সুৰা

author img

By

Published : Jun 28, 2021, 9:07 PM IST

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে শেহতীয়াকৈ যথেষ্ট কঠোৰ হৈছে অসম আৰক্ষী । শোণিতপুৰ জিলাৰ অৱকাৰী বিভাগে এক বিশেষ অভিযান চলাই অৰুণাচল প্ৰদেশৰ পৰা চোৰাং ভাৱে সৰবৰাহ কৰা বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে ।

Excise department seizes illegal liquor and cannabis in Sonitpur district
ৰাজ্যত পুনৰ জব্দ অবৈধ সুৰা আৰু গাঞ্জা

তেজপুৰ, 28 জুন : অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে অসম আৰক্ষী(Assam Police)ৰ অভিযান । বিশেষকৈ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে শেহতীয়াকৈ যথেষ্ট কঠোৰ হৈছে অসম আৰক্ষী । নিষিদ্ধ ড্ৰাগছৰ উপৰিও গাঞ্জা, সুৰা আদিৰ বিৰুদ্ধে বিভিন্ন জিলাত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। শোণিতপুৰ জিলাৰ অৱকাৰী বিভাগে এক বিশেষ অভিযান চলাই অৰুণাচল প্ৰদেশৰ পৰা চোৰাং ভাৱে সৰবৰাহ কৰা বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে ।

শোণিতপুৰ জিলাৰ জীয়া ভৰলী দলঙৰ সমীপৰ পৰা এখন 16 চকীয়া AS-09 AC 2397 নম্বৰৰ ট্ৰাকৰ পৰা জব্দ কৰে সুৰাখিনি । গাড়ীখনত চিমেণ্টৰে ঢাকি প্ৰায় 400 কাৰ্টন বিলাতী সুৰা কোনো নথি পত্ৰ নোহোৱাকৈ নাগালেণ্ডৰ ডিমাপুৰলৈ সৰবৰাহ কৰিছিল । ইতিমধ্যে আবকাৰী বিভাগে ট্ৰাক খনৰ চালক বাঞ্চা সিঙক আটক কৰাৰ লগতে ট্ৰাক খন জব্দ কৰে । উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ পৰা আন্তঃ জিলাৰ যাতায়ত বন্ধ থকাৰ সময়তে এই সুযোগ গ্ৰহণ কৰি এনেদৰে অবৈধ সুৰা অন্য ঠাইলৈ সৰবৰাহ কৰি আহিছে ।

ৰাজ্যত পুনৰ জব্দ অবৈধ সুৰা আৰু গাঞ্জা

বিভাগীয় তথ্যত জনোৱা মতে সুৰা খিনিৰ মূল্য প্ৰায় 70 হাজাৰ টকাৰ বুলি অনুমান কৰা হৈছে । একেদৰে আবকাৰী বিভাগে ৰঙাপৰা হৈ বালিপাৰাৰ পৰা তেজপুৰ অভিমুখী AS 12 F 6575 নম্বৰৰএখন ইন্দিকা বাহনৰ পৰা প্ৰায় 1 কেজি ওজনৰ গাঞ্জা জব্দ কৰে আৰু লগতে পংকজ কুমাৰ পাৰিক নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰে ।

উল্লেখযোগ্য যে, ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষীয়ে প্ৰতিখন জিলাতে নিচাযুক্ত দ্ৰৱ্যৰ বিৰুদ্ধে প্ৰতিদিনেই অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও অবৈধ ব্যৱসায়ীসকলে নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰিবলৈ প্ৰতিদিনেই ন ন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ সান্ধ্য আইনৰ মাজতে এনেদৰে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি থকা ঘটনা সমূহে পোহৰাইছে এই তথ্য ৷

লগতে পঢ়ক:ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ দাবী বজালীবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.