ETV Bharat / state

জামুগুৰিহাটত অবৈধ বাসগৃহত প্ৰশাসনৰ হাতোৰা

জামুগুৰিহাটত অবৈধ বাসগৃহত উচ্ছেদ অভিযান চলালে জিলা প্ৰশাসনে ৷ উচ্ছেদিত লোকসকলৰ অধিকাংশৰে ভোটাৰ তালিকাত নাম নথকাৰ অভিযোগ ৷

author img

By

Published : Dec 5, 2019, 5:20 PM IST

eviction in jamugurihat in tezpur
জামুগুৰিহাটত প্ৰশাসনৰ উচ্ছেদ অভিযান

চতিয়া , 5 ডিচেম্বৰঃ সমগ্ৰ ৰাজ্যত কেব বিৰোধী আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰি থকা অৱস্থাতে চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ চৰ-চাপৰি অঞ্চলত বসবাস কৰা সন্দেহজনক লোক সকলৰ ঘৰত বৃহস্পতিবাৰে উচ্ছেদ অভিযান চলায় শোণিতপুৰ জিলা প্ৰশাসনে ৷ জিলাখনৰ জামুগুৰিহাটৰ লালেটাপু, দীঘলীচাপৰি, চকীঘাট আদি অঞ্চলত চলে এই উচ্ছেদ অভিযান ৷ উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি অবৈধভাৱে বাস কৰা এই সকল লোকৰ অধিকাংশৰ বিৰুদ্ধে ভোটাৰ তালিকাত নাম নথকাৰ অভিযোগ ৷ উচ্ছেদ অভিযানৰ বাবে বৃহস্পতিবাৰে পুৱাৰ ভাগতেই আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এক বৃহৎ দল লৈ জিলা প্ৰশাসনে উক্ত অঞ্চলসমূহত উপস্থিত হোৱাৰ পাছত জেচিবি আৰু হাতীৰ সহায়ত উচ্ছেদ অভিযান চলায় ৷ বিশখন জেচিবিৰ সহায়ত চলোৱা এই উচ্ছেদ অভিযান বৃহস্পতিবাৰে আবেলিলৈকে অব্যাহত আছে ৷

জামুগুৰিহাটত প্ৰশাসনৰ উচ্ছেদ অভিযান

লগতে পঢ়কঃজে.জয়াললিতাঃ সৰল জয়াৰ পৰা 'দ্য আইৰণ লেডী' হোৱাৰ যাত্ৰা

Intro:চতিয়া,৫ ডিচেম্বৰ -চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ চৰচাপৰি অঞ্চলত বসবাস কৰা পাঁচশ ঘৰ সন্দেহজনক লোকৰ ঘৰত আজি উচ্ছেদ চলাই শোণিতপুৰ জিলা প্ৰশাসনে। Body:জামুগুৰিহাটৰ লালেটাপু, দীঘলীচাপৰি, চকীঘাটকে ধৰি বিভিন্ন স্থানত বসবাস কৰা তথা ভোটাৰ তালিকাত নাম নথকা এই সন্দেহজনক লোক সকলক উচ্ছেদ চলোৱাৰ বাবেই আজি পুৱাৰ ভাগতেই শোণিতপুৰ জিলা প্ৰশাসনে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এক বৃহৎ দল লৈ উক্ত স্থান সমুহত উপস্থিত হোৱাৰ পাছত জেচিবি,হাতীৰ সহায়ত সন্দেহজনক লোকৰ বসতিস্থলত এইদৰে উচ্ছেদ চলাই ।বিশ খনৰো অধিক জেচিপিৰ সহায়ত চলোৱা এই উচ্ছেদ অভিযান বৰ্তমানেও অব্যাহত আছে ৷Conclusion:পুৱাৰে পৰা উচ্ছেদ অভিযানত ব্যস্ত থকা শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে উচ্ছেদ সম্পৰ্কে এইদৰে কয় -
Byte -ADC, Sonitpur
Pransankar bhuyan
Sootea
Etv bharat ( assam)
5/12/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.