ETV Bharat / state

ৰঙাপৰাত প্ৰশাসনৰ উচ্ছেদ অভিযান

author img

By

Published : Jan 4, 2021, 2:29 PM IST

ৰঙাপৰাত ৰঙাপৰা-বালিপৰা সংযোগী পথৰ ওপৰত প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ ভূমি মুক্ত কৰাৰ উদ্দেশ্যে প্ৰশাসনৰ এই অভিযান ৷ ৰঙাপৰা-বালিপৰা সংযোগী পথটিৰ কাষেৰে যোৱা উপ পথটি ঠেক হোৱাৰ বাবে সৃষ্টি হোৱা যান-জঁটৰ সমস্যা সমাধান কৰাৰ উদ্দেশ্যে প্ৰশাসনৰ এই অভিযান ৷

eviction drive at rangapara
ৰঙাপৰাত প্ৰশাসনৰ উচ্ছেদ অভিযান

ৰঙাপাৰা, 4 জানুৱাৰী: ভূমি মুক্ত কৰাৰ উদ্দেশ্যে সোমবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাত দুখনকৈ জেচিবিৰ সহায়েৰে প্ৰশাসনে উচ্ছেদ অভিযান চলায় ৷ ইয়াৰ পূৰ্বেও প্ৰশাসনে ৰঙাপৰা-বালিপৰা সংযোগী পথৰ ওপৰত আৰু ৰেলৱে বিভাগৰ 74 নং লেভেল ক্ৰছিঙৰ ওপৰত ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি থকা উৰণীয়া সেঁতু নিৰ্মাণস্থলীত জিলা প্ৰশাসনে উচ্ছেদ চলাইছিল ৷

যান-জঁটৰ সমস্যা সমাধান কৰাৰ উদ্দেশ্যে প্ৰশাসনৰ এই অভিযান

জানিব পৰা মতে ৰঙাপৰা-বালিপৰা সংযোগী পথটিৰ কাষেৰে যোৱা উপ পথটি ঠেক হোৱাৰ বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ অহাৰ পৰিপ্ৰেক্ষিতত উপ পথটোত অনাগত দিনত যাতে যান-জঁটৰ সৃষ্টি নহয় সেই উদ্দেশ্যে পথটো বহলৈকে নিৰ্মাণ কৰাৰ বাবে সোমবাৰে প্ৰশাসনে পুনৰ উচ্ছেদ চলায় ৷

উল্লেখ্য যে প্ৰশাসনৰ এই পদক্ষেপৰ ফলত ৰঙাপৰা-বালিপৰা পথৰ কাষত থকা কেইবাখনো ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কেইবাটাও আৱাসিক পৰিয়াল উচ্ছেদিত হয় ৷

ভাৰতীয় ৰেল আৰু অসম চৰকাৰৰ (50-50) শতাংশ পুঁজিৰে ৰঙাপৰা থানা তিনিআলি-তাৰাজুলি চাহ বাগিচা সংযোগী পথচোৱাত থকা লেভেল ক্ৰছিঙৰ ওপৰত 9 কোটি 27 লাখ 807 টকা ব্যয় সাপেক্ষে সেঁতুখনৰ নিৰ্মাণ কাৰ্য চলি আছে । সোমবাৰৰ এই অভিযানত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ড৹ ক্ষীৰোধ কমল হাজৰিকা উপস্থিত থাকে ৷

লগতে পঢ়ক:সুৰা সৰবৰাহকাৰীৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত দুই আৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.