ETV Bharat / state

অৱশেষত বন বিভাগৰ হাতত বন্দী হল কাজিৰঙাৰ গড়টো - শোণিতপুৰ জিলা

অৱশেষত বন বিভাগে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হল কাজিৰঙাৰ গড়টোক ৷ বিগত বহু দিনৰ পৰাই সন্ত্ৰাস চলাই আহিছিল গড়টোৱে ৷

eventually-the-forest-department-captured-rhino
অৱশেষত বন বিভাগৰ হাতত বন্দী হল কাজিৰঙাৰ গড়টো
author img

By

Published : Jan 19, 2021, 9:51 PM IST

চতিয়া, 19 জানুৱাৰী : চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা কাজিৰঙাৰ প্ৰকাণ্ড গড়টো অৱশেষত বন বিভাগে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, চতিয়াৰ ভিন্ন অঞ্চল, জামুগুৰিহাটৰ ভিন্ন অঞ্চলত হোৱা অভাৱনীয় পৰিস্থিতিৰ অন্তত মঙলবাৰে দুপৰীয়া বন বিভাগে গড়টোক জামুুগুৰিহাটৰ বামুনীপামৰ এটা ইটাভাটাত ট্ৰেংকুলাইজ কৰি কাজিৰঙালৈ লৈ যাবলৈ সক্ষম হয় ।

স্থানীয় ৰাইজৰ মন্তব্য

শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ ভিন্ন প্ৰান্তত বিগত কেইবা দিন ধৰি কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা উক্ত গড়টোৱে সন্ত্ৰাস চলাই অহাৰ পিচত মঙলবাৰে পুৱা জামুগুৰিহাটৰ অন্তৰ্গত টৌভঙাৰ বামুনীপামত আশ্ৰয় লৈ থকা গড়টোক খেদি পঠাবলৈ বন বিভাগৰ এটা দলে শূন্যলৈ গুলীচালনা কৰাত উক্ত গুলী লক্ষ্যভ্ৰস্ত হৈ কাষৰে ইটাভাটা এটাত কৰ্মচাৰী হিচাপে কাম কৰি থকা ঋশে শিবাইকুটা নামৰ লোক এজনৰ হাতত লাগি গুৰুতৰভাৱে আহত হৈছিল ।

জানিব পৰা মতে, গড়টোৱে চতিয়া, ইটাখোলা, দিঘলীচাপৰিতো প্ৰৱেশ কৰি ৰাইজৰ মাজত বিভীষিকাৰ সৃষ্টি কৰিছিল । পৰৱৰ্তী সময়ত পিচত গড়টো বন বিভাগে কাজিৰঙালৈ লৈ যায় ।

লগতে পঢ়ক : 33 বছৰে বিকল হৈ থকা এখন জলসিঞ্চন আঁচনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.