ETV Bharat / state

Eminent educationist Mrinali Chetia: তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ মৃণালী চেতিয়াৰ ইহলীলা সম্বৰণ - সদৌ অসম লেখিকা সমাৰোহ সমিতি

তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ তথা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জী নাতি মৃণালী চেতিয়াৰ পৰলোকপ্ৰাপ্তি(Eminent educationist Mrinali Chetia passes away) ৷ অসুস্থতাৰ বাবে তেজপুৰৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট শিক্ষবিদগৰাকী ৷ মৃণালী চেতিয়াৰ মৃত্যুত সমগ্ৰ তেজপুৰতে শোকৰ ছাঁ পৰিছে ।

Eminent educationist Mrinali Chetia passes away in Tezpur
বিশিষ্ট শিক্ষাবিদ মৃণালী চেতিয়াৰ পৰলোকপ্ৰাপ্তি
author img

By

Published : Feb 10, 2023, 8:32 AM IST

Updated : Feb 10, 2023, 1:58 PM IST

তেজপুৰ, 9 ফেব্ৰুৱাৰী : তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন উপদেষ্টা মৃণালী চেতিয়াই বৃহস্পতিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে(Eminent educationist Mrinali Chetia passes away) ৷ তেজপুৰৰ নেমকেয়াৰ হাস্পতালত(Nemcare Hospital Tezpur) পৰলোকপ্ৰাপ্তি ঘটে বিশিষ্ট শিক্ষাবিদগৰাকীৰ ৷ মৃণালী চেতিয়া সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জী নাতি আছিল ।

প্ৰয়াত মৃণালী চেতিয়া তেজপুৰৰ বিভিন্ন সভা-সমিতিৰ লগতে সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল । তেওঁ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন উপদেষ্টাৰ লগতে তেজপুৰ সাহিত্য সভাৰ উপদেষ্টা তথা লেখিকা সমাৰোহৰ প্ৰাক্তন সভাপতি আছিল(Eminent educationist Mrinali Chetia) ৷ শাৰিৰীক অসুস্থতাৰ বাবে বিগত 4 ফেব্ৰুৱাৰীৰ পৰা তেজপুৰৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল চেতিয়া ৷

মৃণালী চেতিয়াৰ মৃত্যুত সমগ্ৰ তেজপুৰতে শোকৰ ছাঁ পৰিছে(Mrinali Chetia passes away in Tezpur) । ইফালে শুকুৰবাৰে পুৱাৰে পৰা অজস্ৰ গুণমুগ্ধৰ ভীৰ কৰিছেহি প্ৰয়াত চেতিয়াৰ ঘৰত । ঘৰতে শ্ৰদ্ধাঞ্জলি জনাইছে অজস্ৰ লোকে । প্ৰয়াত চেতিয়া এগৰাকী ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৷ তেওঁ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছিল ।

মৃণালী চেতিয়া তেজপুৰ বহুমুখী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী থকাৰ সময়তে ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিল । আজি দুপৰীয়া তেজপুৰ মৰাভৰলী শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ।

লগতে পঢ়ক: Devdamodar sangha conference: নলবাৰীত দেৱ দামোদৰ সংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

Last Updated : Feb 10, 2023, 1:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.