তেজপুৰ, 16 জুন : তেজপুৰত পুনৰ সংঘটিত হৈছে বিদ্যুৎ (Electricity) চুৰিকাণ্ড ৷ বুধবাৰে তেজপুৰৰ বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া, IRCA আৰু T&C বিভাগৰ এটা দলে আকস্মিক অভিযান চলাই মেচাৰ্ছ ব্ৰহ্মপুত্ৰ পেপাৰ নামৰ উদ্যোগটোৱে (সংযোগিত ল’ড 636 কিল’ৱাট) বিদ্যুৎ চুৰি কৰা বুলি ধৰা পেলায় ৷ পৰিদৰ্শনৰ সময়ত দলটোৱে উৎখাত কৰে যে, প্ৰতিষ্ঠানটোৱে মিটাৰিং চাৰ্কিটৰ 7 ক’ৰ কেবলৰ সৈতে এক বাহিৰা চাৰ্কিট সংযোগ কৰিছে ৷
উল্লেখ্য যে, এই চাৰ্কিটটো মিটাৰৰ ওচৰৰ এডাল জিআই (GI) পাইপৰ ভিতৰত লুকুৱাই থোৱা আছিল । মিটাৰিং চাৰ্কিট টেম্পাৰিং (Meter Tempering) কৰাৰ অপৰাধত লগে লগে সেই প্ৰতিষ্ঠানৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হয় আৰু প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় । ইতিমধ্যে এই অপৰাধৰ বাবে প্ৰাথমিক ব্যৱস্থা গ্ৰহণ কৰি 2.46 কোটি টকাৰ এখন এছেছমেণ্ট বিল প্ৰস্তুত প্ৰতিষ্ঠানটোলৈ প্ৰেৰণ কৰা হৈছে । তেজপুৰ চক্ৰৰ মুখ্য বৈদ্যুতিক বিষয়া সুভম কুমাৰ শইকীয়া আৰু জেনেৰেল মেনেজাৰ ৰঞ্জনা শৰ্মাই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গোচৰ ৰুজু সন্দৰ্ভত মন্তব্য কৰে ৷
আনহাতে, তেজপুৰ চহৰৰ চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ সংমণ্ডল 1-2ৰ অধীনত প্ৰায় 2 কোটিৰ অনাদায় ধন পৰিশোধ কৰিবলৈ বাকী আছে । লগতে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা শোণিতপুৰ জিলাৰ উপায়ুক্তৰ সৈতে এই অনাদায় বিধেয়ক সন্দৰ্ভত আলোচনা অব্যাহত ৰখা হৈছে ৷ উল্লেখ্য যে, তেজপুৰ পৌৰ প্ৰশাসনৰ পৰা বিদ্যুৎ বিভাগে পাবলগীয়া ধন মুঠ 70 লাখ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা 70 লাখ টকাৰ অনাদায় ধন পাব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : মৰিগাঁৱত উৎকোচ লৈ ৰঙাঘৰত সোমাল কোষাগাৰৰ কৰ্মচাৰী