ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য এৰি পলাবলৈ যো-জা আৰম্ভ কৰিছে:অভিজিৎ হাজৰিকা - bpf party

ৰঙাপৰাত কংগ্ৰেছৰ বিশাল মটৰ চাইকেল ৰেলীৰে শক্তি প্ৰদৰ্শন ৷ ২ মে’ৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য এৰি পলাব লাগিব বুলি মন্তব্য প্ৰাৰ্থী অভিজিৎ হাজৰিকাৰ ৷

ৰঙাপৰাত কংগ্ৰেছৰ বিশাল মটৰ চাইকেল ৰেলীৰে শক্তি প্ৰদৰ্শন

author img

By

Published : Mar 12, 2021, 6:11 PM IST

ৰঙাপৰা, 12 মাৰ্চ: শোণিতপুৰ জিলাৰ ৰঙাপৰাত নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ গৰম হৈ পৰিছে । শুকুৰবাৰৰ দিনাও নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে কংগ্ৰেছৰ প্ৰাৰ্থী অভিজিৎ হাজৰিকাৰ সমৰ্থকসকলে ৷

ৰঙাপৰাত কংগ্ৰেছৰ বিশাল মটৰ চাইকেল ৰেলীৰে শক্তি প্ৰদৰ্শন

হিমন্ত বিশ্ব শৰ্মাৰ আগৰ দম নাই ৷ ২ মে’ৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য এৰি পলাই যাব লাগিব । আনকি হিমন্তৰ লগত থকা দুই-এটা পালি-পহৰীয়াৰো ২ মে’ৰ পিছত অসমত ঠাই নাই । কাৰণ কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে অৰ্থাৎ ২ মে’ৰ পিছত দুৰ্নীতিৰ ফাইল খোলৰ ভয়ত কঁপিছে । তেওঁলোকৰ কি অৱস্থা হ’ব সেয়া আগতীয়াকৈ উমান পাইছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে প্ৰাৰ্থী অভিজিৎ হাজৰিকাই ৷

উল্লেখ্য যে, কংগ্ৰেছ, এ আই ইউ ডিএফ, চিপিআই (এম), বিপিএফ আৰু গণমৰ্চা মহাজোঁটৰ প্ৰাৰ্থী অভিজিৎ হাজৰিকাৰ সমৰ্থকসকলে বিভিন্ন শ্ল’গান দি ৰঙাপৰাৰ আকাশ-বতাহ উত্তাল কৰি তোলে ।

লগতে পঢ়ক: ৰিপ’ৰ্ট কাৰ্ড: যোৰহাট জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ বিশেষ বিৱৰণ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.