তেজপুৰ ,৬ মে' : বিগত কেইবাদিনৰ পৰাই ৰাজ্যত সঘনে ভূমিকম্পই জোকাৰি গৈছে ৰাজ্য ৷ বৃহস্পতিবাৰে পুৱা 10:30 মিনিটত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি, এই ভূমিকম্পৰ মূল অভিকেন্দ্ৰ শোণিতপুৰ আৰু ইয়াৰ প্ৰাবল্য 3.6 ৰিখটাৰ স্কেলত বুলি জানিব পৰা গৈছে ৷
বৰ্তমানলৈকে এই ভূমিকম্পৰ ফলত হোৱা কোনো ক্ষয়-ক্ষতিৰ তথ্য অহা নাই ৷ কিন্তু অসমত বিশেষকৈ শোণিতপুৰত সঘনে হোৱা ভূমিকম্পৰ জোকাৰণিয়ে চিন্তিত কৰি তুলিছে এতিয়া সাধাৰণ ৰাইজক ৷
লগতে পঢ়ক: দিখৌমুখত মীন বিপ্লৱৰ সূচনা অৱসৰপ্ৰাপ্ত কৃষি বিষয়াৰ