তেজপুৰ, 22 আগষ্ট: শুকুৰবাৰে নিশা তেজপুৰত আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনিটাকৈ অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক ৷ নিশা তেজপুৰ সদৰ আৰক্ষীয়ে চলোৱা এক অভিযানত আৰক্ষীয়ে ভোমোৰাগুৰি দলঙৰ সমীপত AS-12 M-6145 নম্বৰৰ এখন বাহনত, তেজপুৰ বৰঘাতৰ ইকবাল হাচান ( ২৯), নপামৰ মইনুল হক (২৫) আৰু দিকৰাইজানৰ চফিকুল ইছলাম (২৫) নামৰ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
জানিব পৰা মতে বিগত কেইবাদিনৰ পৰা তেজপুৰত ড্ৰাগছৰ পয়োভৰ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে ৷ যাৰ বাবে তেওঁলোকে ড্ৰাগছৰ বিৰুদ্ধে ভিন্ন সময়ত অব্যাহত ৰাখিছে অভিযান ৷ আনহাতে শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ হোৱা তিনিওজন অভিযুক্তই ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত নাই কিন্তু তেওঁলোকে ড্ৰাগছ সেৱন কৰে বুলি স্বীকাৰ কৰিছে আৰক্ষী আৰু সংবাদ মাধ্যমৰ আগত ৷
লগতে পঢ়ক: কলিয়াবৰত অবৈধভাৱে কঢ়িয়াই নিয়া গৰু ভৰ্তি বাহনখনসহ 3 সৰবৰাহকাৰী আটক