ETV Bharat / state

ইটখোলাত ড্ৰাগছসহ আৰক্ষীৰ জালত স্বামী-স্ত্ৰী - ইটখোলা আৰক্ষী

ৰাজ্যত যিমানেই আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছে সিমানেই প্ৰতিদিনে ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰী ৰাজ্যত উদ্ধাৰ হ’বলৈ ধৰিছে ৷ একাংশই এতিয়াও আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে ৷

ইটখোলাত আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী

author img

By

Published : Aug 8, 2021, 10:34 PM IST

তেজপুৰ, ৮ আগষ্ট : ৰাজ্যত মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লৈয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী সমূহৰ সৰবৰাহ বন্ধ কৰাৰ বাবে অংগীকাৰ লৈছিল ৷ তাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই কোটি কোটি টকাৰ ড্ৰগাছকে ধৰি নিচাজাতীয় সামগ্ৰীসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ মনকৰিবলগীয়া যে, আৰক্ষীয়ে যিমানেই ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাইছে সিমানেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হৈ আহিছে ৷

ইটখোলাত আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী

তাৰ মাজতে দেওবাৰে ইটখোলা আৰক্ষীয়ে এক অভিযান চলাই বৃহৎপৰিমাণৰ ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । নিশা প্ৰায় 9 বজাত অভিযান চলাই ইটাখোলা আৰক্ষীয়ে 33 টা কন্টেনাৰসহ ধৃত সৰবৰাহকাৰী দুটাক আটক কৰিবলৈ সক্ষম হয় ৷ ইটখোলা আৰক্ষীৰ চকীৰ সমীপৰ চেঙামাৰিত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী দুটাক জব্দ কৰিবলৈ সক্ষম হৈছে ৷ ধৃত দুই সৰবৰাহকাৰী মকিব আৰু ৰুকচনা ৷ দুয়ো সম্পৰ্কত স্বামী-স্ত্ৰী বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, শনিবাৰে গুৱাহাটী মহানগৰীৰ নুনমাটিৰ চেক্টৰ-3(noonmati sector 3)ৰ এখন হোটেলৰ গৰাকী দুই স্বামী-স্ত্ৰী ক্ৰমে অৰূপ বৈশ্য আৰু অনু বৈশ্যক গ্ৰেপ্তাৰ কৰে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰ অপৰাধত ৷ আৰক্ষীৰ চকুৰ তলতে দীৰ্ঘদিন ধৰি দুয়োৱে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল ৷ অৱশ্যে, এই কথা অৱগত হোৱাৰ পিছত গীতা নগৰ আৰক্ষীয়ে অভিযান চলাই শনিবাৰে নিশা উদয় নগৰৰ নিজা বাস গৃহৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী(drug peddler) স্বামী-স্ত্রীক গ্ৰেপ্তাৰ কৰে । অভিযান কালত আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ ভৰ্তি কনটেইনাৰ, চিৰিঞ্জ, নগদ ধন আৰু এটা মোবাইল ফোন জব্দ কৰিবলৈ সমৰ্থ হয় ।

লগতে পঢ়কঃ বিজেপিক ৰুধিবলৈ মিত্ৰতাৰ দিশে কংগ্ৰেছ আৰু ৰাইজৰ দল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.