তেজপুৰ, ২১ অক্টোবৰ: ৰাজ্যজুৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ লোৱাৰ পিছতো গা লৰা নাই একাংশ অপৰাধীৰ (Anti Drugs operation in Assam) ৷ অপৰাধীয়ে অপৰাধ সংঘটিত কৰিবলৈ নতুন কূট কৌশলৰে প্ৰতিদিনেই ৰাজ্যৰ ভিন্ন প্ৰান্তত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে (Drugs case in Assam) ৷
শেহতীয়াকৈ শুকুৰবাৰে শোণিতপুৰ আৰক্ষীয়ে বাৰঘাট থানাৰ অন্তৰ্গত ৰূপখুৰীয়া গাঁৱত অভিযান চলাই খেৰৰ মেজিৰ তলৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে (Drugs paddler arrested with Heroin ) ৷ লগতে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত এজন লোককো আটক কৰে (Drugs paddler arrested at Tezpur) ৷ ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে সন্ধিয়া শোণিতপুৰ আৰক্ষীয়ে বাৰঘাট থানাৰ অন্তৰ্গত ৰূপখুৰীয়া গাঁৱৰ উমৰ আলিৰ ঘৰত অভিযান চলাই প্ৰায় ১৮ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ জব্দ কৰে (Heroin seized at Tezpur) ৷
লগতে উমৰ আলিকো আটক কৰে শোণিতপুৰ আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে, ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে ড্ৰাগছ আৰু গাঞ্জা বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে বৃহস্পতিবাৰে বৰপেটাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছিল (Drug smugglers arrested with Brown Sugar) ৷
ঘটনা অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি বৰপেটা আৰু কলগাছিয়াত পৃথকে পৃথকে অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগছ ব্যৱসায়ী দুটাক ৷ গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী এটাৰ নাম জনীয়াৰ নুৰুল আমিন বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা ৫ টা চাবোনৰ কেচত লুকুৱাই অনা ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে (Brown sugar seized by Barpeta Police) ৷
ইফালে, বিগত 19 অক্টোবৰত এটা ড্ৰাগছৰ কন্টেইনাৰ, চিৰিঞ্জ ইত্যাদিসহ (Drugs seized in Golaghat) ৰাইজৰ হাতত ধৰা পৰে গোলাঘাটৰ দোলাষৰীয়াৰ উদয়ন শইকীয়া নামৰ এজন যুৱক ৷ ৰাইজৰ অভিযোগ মতে, দীৰ্ঘদিন ধৰি যুৱকজনে ড্ৰাগছৰ সেৱন আৰু সৰবৰাহৰ সৈতে জড়িত হৈ আছিল (Drugs paddler arrested in Golaghat) ৷
লগতে পঢ়ক: Operation against narcotics: বৰপেটাত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ দুই ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ