ETV Bharat / state

Lachit Birth Anniversary : তেজপুৰত মুক্তাংগনত লাচিত: বুৰঞ্জী লিখা তৰোৱাল মঞ্চস্থ

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী (400th birth anniversary of Lachit Borphukan) ৷ তেজপুৰৰ ঐতিহাসিক হজৰা পুখুৰীপাৰৰ মুক্তাংগনত দুই নিশা মঞ্চস্থ হ'ল ইতিহাস বহনকাৰী নাট- লাচিত : বুৰঞ্জী লিখা তৰোৱাল (Drama on Lachit Borphukan at Tezpur) ৷

author img

By

Published : Nov 21, 2022, 1:24 PM IST

Updated : Nov 21, 2022, 2:24 PM IST

Lachit
Lachit

তেজপুৰ, ২১ নৱেম্বৰ : সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰি থকা হৈছে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী (400th birth anniversary of Lachit Borphukan) ৷ ইতিমধ্যে অসমৰ প্ৰতিখন জিলাতে এই উপলক্ষে সপ্তাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । লাচিত বৰফুকনৰ জন্মদিন ২৪ নৱেম্বৰত গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় লাচিত দিৱসৰ অনুষ্ঠান ।

আনহাতে, লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে তেজপুৰত অনুষ্ঠিত হয় এক ব্যতিক্ৰমী অনুষ্ঠান (Drama on Lachit Borphukan at Tezpur) । তেজপুৰৰ ঐতিহাসিক হজৰা পুখুৰীপাৰৰ মুক্তাংগনত দুনিশাৰ বাবে মঞ্চস্থ হয় ইতিহাস বহনকাৰী নাট- লাচিত : বুৰঞ্জী লিখা তৰোৱাল ৷

উক্ত নাটখনত লাচিতৰ মূল চৰিত্ৰত অভিনয় কৰে মিষ্টাৰ ইণ্ডিয়া খ্যাত বিজিত গগৈয়ে (Mr India Bijit Gogoi) । আনহাতে, লাচিতৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰে মোহময়ী অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰী আঙুৰলতা ডেকাই ৷ একেদৰে চাওলুং চুকাফাৰ চৰিত্ৰ ৰূপায়ণ কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷

তেজপুৰত মুক্তাংগনত লাচিত: বুৰঞ্জী লিখা তৰোৱাল মঞ্চস্থ

আনহাতে, প্ৰতাপ সিংহৰ চৰিত্ৰত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই অভিনয় কৰাৰ বিপৰীতে চক্ৰধ্বজ সিংহৰ চৰিত্ৰ ৰূপায়ণ কৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই ৷ তাৰোপৰি, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, ডাঃ জাহানাৰা বেগম, অশ্বিনী বৰা আদি অভিনয় শিল্পীকে ধৰি সৰ্বমুঠ ২৫০ গৰাকী শিল্পী, কলা-কুশলীৰ সমাহাৰ ঘটে নাটখনত ৷

ৰাজ্যৰ অপেচাদাৰী নাট মঞ্চস্থৰ ক্ষেত্ৰত এক প্ৰকাৰ ইতিহাসৰ সূচনা কৰিলে 'লাচিত : বুৰঞ্জী লিখা তৰোৱাল' নাটখনে । জীৱন্ত ৰূপত হাতী আৰু ঘোঁৰাৰ লগতে পানীত নাৱৰ ওপৰতে লাচিত আৰু মোগল সেনাৰ তয়াময়া যুঁজ প্ৰদৰ্শনে অনন্য মাত্ৰা প্ৰদান কৰে নাটখনক ৷ উল্লেখ্য, নাটখনৰ সমগ্ৰ পৰিকল্পনা আৰু পৰিচালনা জ্যেষ্ঠ সাংবাদিক তথা নাট্যকাৰ পুলক কুমাৰ ডেকাৰ ৷

শব্দ আৰু পোহৰৰ মায়াজালত ইতিহাস বহনকাৰী এইখন নাটে দৰ্শকৰ মন-প্ৰাণ জুৰাবলৈ সক্ষম হয় ৷ বিশিষ্ট ঔপন্যাসিক নয়নজ্যোতি ভট্টাচাৰ্যৰ একে নামৰ উপন্যাসক নাট্যৰূপ দিয়া নাটখনি প্ৰযোজনা অসম ৰেপাৰটৰীৰ ৷ এই ক্ষেত্ৰত বিশেষভাৱে সহযোগিতা আগবঢ়ায় শোণিতপুৰ জিলা প্ৰশাসনে ৷ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ৰাজ্য চৰকাৰে লোৱা উদ্যোগ আৰু আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেজপুৰত লাচিতক সোঁৱৰাৰ এয়া এক বিশাল আয়োজন ৷ ইফালে দেওবাৰে নিশাও একে স্থানতে দৰ্শকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পুনৰবাৰ মঞ্চস্থ হয়- লাচিত : বুৰঞ্জী লিখা তৰোৱাল নাটখন ৷

উল্লেখ্য, লাচিতৰ ইতিহাস ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যে চাৰিশ বছৰীয়া জন্ম জয়ন্তীৰ বিশাল আয়োজন কৰা হৈছে দেশৰ ৰাজধানীতো (400th birth anniversary of Lachit in Delhi) । অসম চৰকাৰৰ উদ্যোগত অহা ২৩ আৰু ২৪ নৱেম্বৰত দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় অনুষ্ঠান । তাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi), গৃহ মন্ত্ৰী অমিত শ্বাহ তথা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

লগতে পঢ়ক :Guinness Book of World Records : হেলমেটেৰে বাক্য সাজি গিনিজ বুকত অৰুণাচল

Last Updated : Nov 21, 2022, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.