ETV Bharat / state

তেজপুৰ শালনিবাৰী বিমানবন্দৰত ঘৰুৱা বিমানৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা

author img

By

Published : May 29, 2021, 11:06 PM IST

তেজপুৰ শালনিবাৰী বিমানবন্দৰত অহা চাৰি মাহৰ ভিতৰত ঘৰুৱা বিমানৰ সংখ্যা বৃদ্ধি কৰাৰ সম্ভাৱনা ৷ এই মন্তব্য কৰে বিমানবন্দৰখনৰ প্ৰাধিকাৰী আৰ এন সিঙে । অক্টোবৰ মাহত তেজপুৰলৈ নতুন ব্যক্তিগত প্ৰতিষ্ঠানৰ বিমান সংযোজন হোৱাৰ সম্ভাৱনা আছে বুলি জানিব দিয়ে প্ৰাধিকাৰী সিঙে ।

domestic-flight-may-be-increased-in-salonibari-airport
তেজপুৰ শালনিবাৰী বিমানবন্দৰত ঘৰুৱা বিমানৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা

তেজপুৰ, ২৯ মে': কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ফলত বিগত বৰ্ষত সমগ্ৰ দেশৰ লক ডাউনৰ বাবে বিমানবন্দৰ সমূহ বন্ধ হৈ পৰিছিল আৰু শেহতীয়া কৈ ২০২০ চনৰ মে' মাহৰ ২৫ তাৰিখৰ পৰা বিমান চলাচল আৰম্ভ হয় । যদিও তেজপুৰ চহৰৰ পৰা কলকাতা আৰু দিল্লীৰ বাবে পোনপটীয়া বিমানৰ ব্যৱস্থা নাই; ফলস্বৰূপে তেজপুৰ অৰুণাচল প্ৰদেশৰ যাত্ৰী সকল গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লৈ যাবলগীয়া হয় ।

তেজপুৰ বিমানবন্দৰ সেনাবাহিনী বায়ু সেনা ঘাটিৰ অন্তৰ্গত আৰু ইয়াৰ ৰাণৱে বায়ুসেনাৰ লগত সংলগ্ন । তেজপুৰ বিমানবন্দৰত আৰম্ভণিৰে পৰা দুখন বিমান চলাচল কৰিছিল ৷ পৰৱৰ্তী সময়ত এয়াৰ ইণ্ডিয়াৰ এটিআৰ বিমানৰ চলাচল কৰে আৰু বৰ্তমানেও চলি আছে ।

আনহাতে, দেশত যেতিয়া উৰান অভিযানৰ জৰিয়তে বিমানবন্দৰ সমূহৰ যোগাযোগৰ ব্যৱস্থা কৰে, সেই সময়ত তেজপুৰ বিমানবন্দৰত ঝুম এয়াৰ লাইনছ জৰিয়তে যাত্ৰীবাহী বিমান চলাচল কৰিছিল ৷

কিন্তু ২০১৯ চনৰ শেষৰফালে এই অভিযানৰ অন্তৰ্ভুক্ত বিমান ঝুম এয়াৰ লাইনৰ বিমানে তেওঁলোকৰ সময়ৰ পূৰ্বেই বিমান বন্ধ কৰি দিয়ে । ইয়াৰোপৰি বন্ধ হৈ পৰে এয়াৰ ইণ্ডিয়াৰ এটিআৰ বিমানো । উল্লেখ্য যে, বৰ্তমান এয়াৰ এছিয়া, আৰু বহুকেইখন ব্যক্তিগত বিমান কোম্পানীৰ পৰা বিমান চলাচল কৰিবৰ বাবে যোগাযোগ কৰি আছে বুলিও জানিবলৈ দিয়ে সিঙে ।

বৰ্তমান এয়াৰ ইণ্ডিয়াৰ বিমান কলকাতাৰ পৰা গুৱাহাটীহৈ অৰুণাচল প্ৰদেশৰ পাছিঘাট হৈ তেজপুৰ বিমানবন্দৰ প্ৰৱেশ কৰে আৰু ইয়াৰ ফলত যাত্ৰীৰ ৩ ঘন্টা অতিৰিক্ত সময় নষ্ট হয় । পূৰ্বে কলকাতাৰ পৰা পোনপটীয়াকৈ বিমান চলাচলৰ ব্যৱস্থা আছিল । অক্টোবৰ মাহত তেজপুৰলৈ নতুন ব্যক্তিগত প্ৰতিষ্ঠানৰ বিমান সংযোজন হোৱাৰ সম্ভাৱনা আছে বুলি জানিব দিয়ে প্ৰাধিকাৰী সিঙে ।

লগতে পঢ়ক: নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ যিকোনো পন্থা অৱলম্বন কৰিব আনন্দ মিশ্ৰই

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.