ETV Bharat / state

Planned development of municipal: তেজপুৰত নগৰ পৰিকল্পনা বিভাগৰ ৰাজ্যিক সন্মিলন - Commissioner Secretary Department of Urban Affairs

তেজপুৰত নগৰ পৰিকল্পনা বিভাগৰ বিষয়াসকল তথা নগৰ উন্নয়ন প্ৰাধিকৰণসমূহৰ অধ্যক্ষসকলৰ ৰাজ্যিক সন্মিলন সম্পন্ন (Planned development of municipal areas)। এই সন্মিলনত অংশ ল'লে মন্ত্ৰী অশোক সিংহলে ।

Discussion on Planned development of municipal
তেজপুৰত নগৰ পৰিকল্পনা বিভাগৰ ৰাজ্যিক সন্মিলন
author img

By

Published : Apr 29, 2023, 2:21 PM IST

তেজপুৰ, ২৯ এপ্ৰিল: ৰাজ্যখনৰ পৌৰ এলেকাসমূহৰ পৰিকল্পিত উন্নয়নৰ ৰূপৰেখা তৈয়াৰৰ বাবে চৰকাৰে চেষ্টা চলাইছে চৰকাৰে (Discussion on Planned development of municipal)। ইয়াৰে এক প্ৰয়াস হিচাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে শুকুৰবাবে তেজপুত উপস্থিত হয় (Minister Ashok Singhal at Tezpur)। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে তেজপুত সমাৱৰ্তন কেন্দ্ৰত ৰাজ্যৰ প্ৰতিখন জিলাৰ নগৰ উন্নয়ন প্ৰাধিকৰণসমূহৰ অধ্যক্ষসকল তথা নগৰ পৰিকল্পনাকাৰীসকলৰ সৈতে এক দিনজোৰা আলোচনাত মিলিত হয় (Meeting at Tezpur Convocation Centre)।

শুকুৰবাৰৰ এই বিশেষ নগৰ পৰিকল্পনা বিভাগৰ বিষয়াসকল তথা নগৰ উন্নয়ন প্ৰাধিকৰণসমূহৰ অধ্যক্ষসকলৰ ৰাজ্যিক সন্মিলনত সমগ্ৰ অসমৰ নগৰ উন্নয়ন প্ৰাধিকৰণসমূহৰ অধ্যক্ষসকলে তেওঁলোকৰ সংশ্লিষ্ট নগৰ এলেকাত কাম-কাজৰ সন্মুখীন হোৱা অসুবিধাসমূহৰ বিষয়ে মন্ত্ৰী অশোক সিংহলক অৱগত কৰে । সেইদৰে নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ উপ-সঞ্চালকসকলে তেওঁলোকৰ অভিজ্ঞতালব্ধ পৰামৰ্শ আৰু নতুন ধাৰণাৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰেজেণ্টেশ্যন আগবঢ়ায় ।

এই আলোচনাই ৰাজ্যৰ নগৰসমূহৰ ক্ষীপ্ৰ, বহনক্ষম আৰু পৰিকল্পিত বিকাশৰ দিশত এক নতুন যাত্ৰাৰ সূচনা কৰিব বুলি মন্ত্ৰী অশোক সিংহলে মন্তব্য কৰে । ৰাজ্যৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে সংশ্লিষ্ট অংশীদাৰসকলক লৈ আয়োজিত সন্মিলন যথেষ্ট ফলপ্ৰসূ হ'ব বুলি আশা প্ৰকাশ কৰি ৰাজ্যৰ বিভিন্ন ঠাইত নিয়মীয়া অন্তৰালত এনে বৈঠকৰ আয়োজন কৰা হ'ব বুলি তেওঁ সদৰী কৰে ।

তেজপুৰত নগৰ পৰিকল্পনা বিভাগৰ বিষয়াসকল তথা নগৰ উন্নয়ন প্ৰাধিকৰণসমূহৰ অধ্যক্ষসকলৰ ৰাজ্যিক সন্মিলনত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ সঞ্চালক নগেন কলিতা (Director Town and Village Planning Department), বিভাগৰ অন্যান্য শীৰ্ষ বিষয়াসকল, নগৰ পৰিকল্পনাকাৰীসকল আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নগৰসমূহৰ উন্নয়ন প্ৰাধিকৰণসমূহৰ অধ্যক্ষসকল উপস্থিত থাকে (Commissioner Secretary Department of Urban Affairs )। এই সন্দৰ্ভত তেওঁলোকে বিভিন্ন ব্য়াখ্য়া আগবঢ়ায় ।

লগতে পঢ়ক:Torture For Dowry: যৌতুকৰ বাবেই চিলাপথাৰৰ বোৱাৰীক গছত বান্ধি নিৰ্মম অত্যাচাৰ কৰাৰ অভিযোগ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.