ETV Bharat / state

Anganwadi Centre at Titabor: ৰঙাপৰাৰ নাহৰণিত জৰাজীৰ্ণ অংগনৱাড়ী কেন্দ্ৰত চলিছে প্ৰাথমিক শিক্ষা

ৰঙাপৰাৰ নাহৰণিত জৰাজীৰ্ণ অংগনৱাড়ী কেন্দ্ৰত চলিছে প্ৰাথমিক শিক্ষা ৷ এজাক বৰষুণ দিলেই কেন্দ্ৰটোৰ মজিয়াখন উপচি পৰে পানীৰে । ধোৱাচাঙত বিশুদ্ধ পানী যোগান আঁচনিখন ৷ পকী অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰাৰ দাবী স্থানীয় ৰাইজৰ ৷

author img

By

Published : Nov 2, 2022, 10:59 PM IST

DILAPIDATED ANGANWADI CENTRE AT TITABAR
ৰঙাপৰাৰ নাহৰণিত জৰাজীৰ্ণ অংগনবাদী কেন্দ্ৰত চলিছে প্ৰাথমিক শিক্ষা

ৰঙাপৰা, 2 অক্টোবৰ: ৰাজ্য চৰকাৰে "সোণালী শৈশৱ বিকশিত অসম"(Golden Childhood Development Assam) আঁচনিৰ জৰিয়তে অতীতৰ এহেজাৰটা আওপুৰণি অংগনৱাড়ী কেন্দ্ৰ আটক ধুনীয়াকৈ নিৰ্মাণ কৰাৰ সময়তে ৰঙাপৰাত একাংশ অংগনৱাড়ী কেন্দ্ৰৰ গৃহবোৰৰ অৱস্থা অতি পুতৌজনক(Anganwadi Centre in Assam) । এই জৰাজীৰ্ণ অংগনৱাড়ী কেন্দ্ৰবোৰৰ ঠাইত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ হিচাপে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৰাইজে ।

ৰঙাপৰাৰ নাহৰণিত জৰাজীৰ্ণ অংগনৱাড়ী কেন্দ্ৰত চলিছে প্ৰাথমিক শিক্ষা

এইটো এটা অংগনৱাড়ী কেন্দ্ৰ । ৰঙাপৰা সংহত শিশু উন্নয়ন প্ৰকল্প(Integrated Child Development scheme) কাৰ্যালয়ৰ অধীনৰ নাহৰণি চাহ বাগিচাৰ ৩ নং লাইন শ্ৰমিক লাইনত থকা এনে পৰিৱেশৰ মাজত কৰ্মী সাৱিত্ৰী প্ৰাধে আৰু সহায়িকা উমা মুণ্ডাই কণ কণ শিশুসকলক প্ৰাথমিক শিক্ষা প্ৰদান কৰি আহিছে । প্ৰায় ২৩ টা শিশুৱে উন্নত পৰিৱেশৰ বিপৰীতে নানান অসুবিধা মাজেৰে প্ৰাথমিক জ্ঞান লাভ কৰি আহিছে ।

এজাক বৰষুণ দিলেই অংগনৱাড়ী কেন্দ্ৰটোৰ মজিয়াখন পানীৰে উপচি পৰে । কেন্দ্ৰটিৰ ওপৰত থকা টিঙৰ চালিখনৰ একাংশ ফুটাৰে বৰষুণৰ পানী নিগৰি মজিয়াত পৰে । ইফালে অংগনৱাড়ী কেন্দ্ৰটিত চৰকাৰে ৰূপায়ণ কৰা বিশুদ্ধ পানী যোগান আঁচনিখন সম্প্ৰতি ধোৱাচাঙত উঠাৰ অভিযোগ উঠিছে । পানীৰ পাইপবোৰ লগোৱাৰ পাছতে ভাঙি যোৱাৰ পাছতে পানী লাভ নকৰাৰ আন এক অভিযোগ উঠিছে । তদুপৰি পানী তোলাৰ বাবে নাই বিদ্যুৎ সংযোগ ৷

বিভিন্ন সমস্যাৰ মাজত কৰ্মী আৰু সহায়িকাগৰাকীয়ে অংগনৱাড়ী কেন্দ্ৰটিত কণ কণ শিশুসকলক প্ৰাথমিক শিক্ষা প্ৰদান কৰি আহিছে । কৰ্মী আৰু সহায়িকাগৰাকীয়ে এটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰি দিবলৈ বিভাগীয় মন্ত্ৰী অজন্তা নেওগক অনুৰোধ জনাইছে, যাতে চাহ-বাগিচাখনৰ কণ কণ শিশুসকলে সকলো ধৰণৰ সুবিধা লাভ কৰে ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ “সোণালী শৈশৱ বিকশিত অসম” আঁচনিৰ জৰিয়তে দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগে ‘চৰকাৰৰ নিজা অগ্ৰাধিকাৰ উন্নয়ন (SOPD) পূঁজি’ৰে সমগ্ৰ ৰাজ্যত এহাজাৰ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিছিল ৷ ১৪ আগষ্টৰ দিনা ৰাজ্যত মুকলি কৰা হৈছিল এই ১০০০ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ ৷ প্ৰায় ২৫ লাখ টকা ব্যয় সাপেক্ষে সুন্দৰ আন্তঃগাঁথনিৰে নিৰ্মাণ কৰা হৈছিল এই আদৰ্শ অংগনৱাড়ী কেন্দ্ৰকেইটা ৷

লগতে পঢ়ক : Non Provincialized Teacher Employee Association: প্ৰাদেশীকৰণৰ দিশে হ’ব অপ্ৰাদেশীকৃত বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.