ETV Bharat / state

মিছামাৰীত গড়কাপ্তানি পথেৰে ৰাইজৰ বিপদ সংকুল যাত্ৰাঃ ৰে'লপথ অৱৰোধৰ হুংকাৰ স্থানীয় ৰাইজৰ

মিছামাৰীত গড়কাপ্তানি পথেৰে ৰাইজৰ বিপদ সংকুল যাত্ৰা ৷ মিটাৰগজ থকাৰ সময়ত উক্ত ঠাইত এটা লেভেল ক্ৰছিং আছিল । কিন্তু পৰৱৰ্তী সময়ত ব্ৰডগজ ৰে'ল সেৱালৈ সম্প্ৰসাৰণ হোৱাৰ সময়ত ৰাইজক যাতায়তৰ বাবে ৰে'লৱে কৰ্তৃপক্ষই তলেৰে সুৰংগ কৰি দিয়ে ।

author img

By

Published : Sep 8, 2019, 3:13 PM IST

মিছামাৰীত গড়কাপ্তানী পথেৰে ৰাইজৰ বিপদ সংকুল যাত্ৰা

ৰঙাপৰা,8ছেপ্টেম্বৰঃ শোণিতপুৰৰ মিছামাৰীবাসী ৰাইজে ৰঙাপৰা-মিছামাৰীৰ সংযোগী গড়কাপ্তানি পথচোৱাত থকা এটা সুৰংগৰ বাবে দীৰ্ঘদিনৰ পৰা যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে । মিছামাৰীৰ গাভৰু নৈৰ পাৰত থকা ভাৰতীয় সেনাৰ পহৰা চকীৰ কাষেৰে যোৱা গড়কাপ্তানি পথচোৱাত ৰে'লৱে বিভাগে লেভেল ক্ৰছিং স্থাপনৰ বিপৰীতে ৰঙাপৰা-ৰঙিয়া ৰে'ল পথচোৱাৰ তলেৰে সুৰংগ কৰি ৰাইজক যাতায়তৰ সুবিধা কৰি দিয়ে । উল্লেখ্য যে মিটাৰগজ থকাৰ সময়ত উক্ত ঠাইত এটা লেভেল ক্ৰছিং আছিল । কিন্তু পৰৱৰ্তী সময়ত ব্ৰডগজ ৰে'ল সেৱালৈ সম্প্ৰসাৰণ হোৱাৰ সময়ত ৰাইজক যাতায়তৰ বাবে ৰে'লৱে কৰ্তৃপক্ষই তলেৰে সুৰংগ কৰি দিয়ে । ইফালে সুৰংগটো মৰণ ফান্দলৈ পৰিণত হোৱাৰ লগতে উক্ত ঠাইত প্ৰায় ৮ মাহেই বৰষুণৰ পানী জমা হৈ থাকে। যাৰ ফলত স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে উপায়হীন হৈ বিপদ সংকুল ভাৱেই ৰে'লপথৰ ওপৰেদি অহা-যোৱা কৰিবলগীয়া হৈছে।

Intro:মিছামাৰীত গড়কাপ্তানী পথৰে ৰাইজৰ বিপদ সংকূল যাত্ৰাঃ ৰেলপথ অৱৰোধৰ হুংকাৰ স্থানীয় ৰাইজৰBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ মিছামাৰীবাসী ৰাইজে দীৰ্ঘদিনৰ পৰা যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিবলগীয়া হৈছে। ৰঙাপৰা-মিছামাৰীৰ সংযোগী গড়কাপ্তানী পথচোৱাত থকা সুৰংগটোৰ বাবেই এই সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে। মিছামাৰীৰ গাভৰু নদীৰ পাৰত থকা ভাৰতীয় সেনাৰ পহৰাৰ চকীৰ কাষেৰে যোৱা গড়কাপ্তানী পথচোৱাত ৰেলৱে বিভাগে লেভেল ক্ৰছিং স্থাপনৰ বিপৰীতে ৰঙাপৰা-ৰঙিয়া ৰেল পথচোৱাৰ তলৰে সুৰংগ কৰি ৰাইজক যাতায়তৰ সুবিধা কৰি দিয়ে। উল্লেখযোগ্য যে, মিটাৰগজ থকাৰ সময়ত উক্ত ঠাইত এটা লেভেল ক্ৰছিং আছিল। ব্ৰডগজ ৰেল সেৱালৈ সম্প্ৰসাৰণ হোৱাৰ সময়ত ৰাইজক যাতায়তৰ বাবে ৰেলৱে কৰ্তৃপক্ষই তলৰে সুৰংগ কৰি দিয়ে। সম্প্ৰতি সুৰংগটো মৰণ ফান্দলৈ পৰিণত হোৱাৰ লগতে উক্ত ঠাইত প্ৰায় ৮ মাহেই বৰষুণৰ পানী জমা হৈ থাকে। যাৰ ফলত স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে উপায় বিহীন হৈ বিপদ সংকূল ভাৱে ৰেলপথৰ ওপৰেদি অহা-যোৱা কৰিবলগীয়া হৈছে। ইফালে ৰঙাপৰা-মিছামাৰীৰ সংযোগী গড়কাপ্তানী পথচোৱাৰ উক্ত সুৰংগটো অতি বিপদজনক হৈ পৰিছে। সংঘটিত হৈছে কেইবাটাও পথ দুঘৰ্টনা। ইতিমধ্যে মৃত্যু ঘটিছে কেইবাজনো লোকৰ। ৰেলৱে কৰ্তৃপক্ষই কাণ্ডজ্ঞানহীনতাৰ বাবেই আজি মিছামাৰীৰ ৰাইজে যমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। গড়কাপ্তানী পথচোৱাত ৰেলৱে কৰ্তৃপক্ষই পূৰ্বৰ দৰে লেভেল ক্ৰছিঙৰ ব্যৱস্থা নকৰিলে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.