ETV Bharat / state

তেজপুৰত জিলা উপায়ুক্তক অত্যাধুনিক এম্বুলেঞ্চ অৰ্পণ - manabendra pratap singh

সোমবাৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঠনি উন্নয়ন সংস্থাৰ তেজপুৰ সহ মহাপ্ৰবন্ধকৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা শোণিতপুৰৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ হাতত এখন অত্যাধুনিক এম্বুলেঞ্চ আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ।

তেজপুৰত জিলা উপায়ুক্তক অত্যাধুনিক এম্বুলেঞ্চ অৰ্পণ

author img

By

Published : May 11, 2021, 7:35 AM IST

তেজপুৰ, 11 মে': ক’ভিডৰ অতিমাৰীৰ সময়ত তেজপুৰত জিলা উপায়ুক্তক অত্যাধুনিক এম্বুলেঞ্চ অৰ্পণ ৷ সোমবাৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঠনি উন্নয়ন সংস্থাৰ তেজপুৰ সহ মহাপ্ৰবন্ধকৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা শোণিতপুৰৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ হাতত এখন অত্যাধুনিক এম্বুলেঞ্চ আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ।

তেজপুৰত জিলা উপায়ুক্তক অত্যাধুনিক এম্বুলেঞ্চ অৰ্পণ

প্ৰায় ২৭ লাখ টকা ব্যয় সাপেক্ষ এই এম্বুলেঞ্চখনত সকলো ধৰণৰ চিকিৎসা সামগ্ৰী উপলব্ধ কৰা হোৱা বুলি জানিব পৰা গৈছে । এই উপলক্ষে শোণিতপুৰৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ চৌহদত কঠোৰ ক’ভিড প্ৰট'কলৰ অধীনত অনুষ্ঠিত অনাড়ম্বৰ অনুষ্ঠানত শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জে. আহমেদ, স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত অৰুন্ধুতী নৰহ মিপুমৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃ গাঠনি আৰু উন্নয়ন সংস্থাৰ প্ৰৱন্ধক অঞ্জন বুঢ়াগোহাঁই প্ৰমুখ্য বিষয়া সকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : যোৰহাটৰ এটা পৰিয়াললৈ ক’ভিড 19 এ নমাইছে ঘোৰ অমানিশা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.