ETV Bharat / state

চীনক প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰতীয় সেনা

author img

By

Published : Jun 18, 2021, 10:27 PM IST

ভাৰত-চীন সীমান্তত প্ৰতিৰক্ষা বিভাগৰ উল্লেখনীয় সংযোজন ৷ লাডাখ, জম্মু -কাশ্মীৰকে ধৰি অৰুণাচলৰ সীমান্তত ১২ টাকৈ পথৰ নতুন সংযোজন ৷ ভাৰত-চীন সীমান্তত বৃদ্ধি কৰা হৈছে ভাৰতীয় সেনাৰ সংখ্যাও ৷

চীনক প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰতীয় সেনা
চীনক প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰতীয় সেনা

তেজপুৰ,18 জুন: ভাৰত চীন সীমান্তত অন্তৰ্ভূক্ত হ’ল এক উল্লেখনীয় সংযোজন ৷ গালোৱান কাণ্ডৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ সময়তেই দেশৰ ১২ টাকৈ সীমান্তৰ পথ মুকলি কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ।

ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা এই সংঘৰ্ষ আৰু তাৰ পাছতে দুয়ো খন দেশে বৃহৎ সংখ্যক সৈন্যৰ মোটায়েন কৰিছিল পেংঙ্গ হ্ৰদৰ সমীপত । যোৱাটো বৰ্ষৰ ১৫ আৰু ১৬ জুনৰ এই দিন দুটাতে চীনা সৈনা আৰু ভাৰতীয় সেনাৰ মাজত হোৱা সংঘৰ্ষত ভাৰতীয় সেনাৰ কামাণ্ডাৰকে ধৰি 20 জন জোৱান হৈছিল শ্বহীদ ।

ইয়াৰ পিছতে প্ৰায় ১৫ লানি জেনেৰেল পৰ্যায়ৰ বৈঠকৰ অন্তত চীনা সৈন্যই ঘাটিৰ পৰা যুঁজাৰু টেঙ্ক আঁতৰাই নিয়ে নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ পৰা । এই সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলৰ ভাৰত চীন সীমান্ত অৰুণাচল প্ৰদেশৰ ঘাটি সমূহতো বৃদ্ধি কৰা হ’ল ভাৰতীয় সেনাৰ মোটায়েন । কৰ’ণাৰ সংক্ৰমণৰ মাজতে এই গালোৱান কাণ্ডৰ ১ টা বছৰৰ ভিতৰত প্ৰতিৰক্ষা বিভাগে ভাৰত -চীন সীমান্তৰ সংযোগী বহুকেইটা গুৰুত্বপূৰ্ণ পথৰ নতুনকৈ নিৰ্মাণ কৰে ।

বৃস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ ১২ টা অতি দুৰ্গম পথৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে ৷ এই পথ সমূহ কিমিনৰ আই টি বি পি ৰ ১০ম বেটেলিয়ান ৰ মূখ্য কাৰ্যালয়ৰ পৰা ৰিমট যুগে কিমিন -পতিং, এপ্ৰচ ৰোড লোহিত, বালিপৰা- চাৰিদুৱাৰ - টাৱাঙকে ধৰি মুঠ ১২ টা সীমান্তৰ পথ দেশৰ নামত উচৰ্গা কৰে ।

ইয়াৰ ভিতৰত ১০ টা সীমান্তৰ পথ অৰুণাচল প্ৰদেশৰ, ১ টা লাডাখ আৰু আনটো জম্মু -কাশ্মীৰৰ । কিমিনৰ ২০ কিলোমিটাৰ দৈঘ্যৰ বৰ্ডাৰ ৰোডছে নিৰ্মান কৰা পথটোৰো নিজ হাতে ফিটা কাটি মুকলি কৰে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে ।

2020 চনৰ জুন মাহৰ শেষৰ ফালৰ পৰা প্ৰতিৰক্ষা বিভাগে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত অত্যাধিক যুঁজাৰু আহিলাপাতি সষ্টম কৰিছে । পূব প্ৰান্তত সেনাৰ মূল ঘাটি সমূহৰ বাবে যোগাযোগ ব্যৱস্থা যুদ্ধকালীন প্ৰস্তুতিৰে উন্নত প্ৰযুক্তিৰ দ্বাৰা আৰম্ভ কৰে ।

ফলস্বৰূপে 2020 চনৰ শেষৰ ফালে সেনাৰ যোগাযোগ ব্যৱস্থা সুগম কৰিবলৈ তিনিখন বিশেষ দলং নিৰ্মান সম্পূৰ্ণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰ্চুৱেল যুগে মুকলি কৰে ।

হিমালয়ৰ নামনি অংশত অৱস্থিত প্ৰায় সকলো সেনাৰ ঘাটিত অত্যাধিক জোৱান মোটায়েন কৰে । অৰুণাচল প্ৰদেশৰ সীমান্তত প্ৰায় 500 ৰো অধিক স্থানীয় লোকক পৰ্টাৰ পদত নিযুক্তি দিয়ে পশ্চিম অৰুণাচল প্ৰদেশৰ ডিৰাংৰ সমীপৰ পৰা ।

লগতে পঢ়ক: ভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.