ETV Bharat / state

Debendranath Bora-Deepti Bora memorial lecture: তেজপুৰত দেৱেন্দ্ৰনাথ বৰা-দীপ্তি বৰাৰ সোঁৱৰণত বক্তৃতানুষ্ঠান

author img

By

Published : Nov 6, 2022, 6:34 PM IST

তেজপুৰ সাহিত্য সভাৰ উদ্যোগত তেজপুৰৰ বিশিষ্ট লেখক, সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত দেৱেন্দ্ৰনাথ বৰা আৰু তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি, বিশিষ্ট লেখিকা, শিক্ষাবিদ দীপ্তি বৰাৰ সোঁৱৰণত এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়(Debendranath Bora Deepti Bora memorial lecture) ৷

Debendranath Bora Deepti Bora memorial lecture at Tezpur Sahitya Sabha
তেজপুৰ সাহিত্য সভাত দেৱেন্দ্ৰনাথ বৰা দীপ্তি বৰাৰ সোঁৱৰণত বক্তৃতানুষ্ঠান

তেজপুৰ, ৬ নৱেম্বৰ: তেজপুৰৰ বিশিষ্ট লেখক, সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত দেৱেন্দ্ৰনাথ বৰা আৰু তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি, বিশিষ্ট লেখিকা, শিক্ষাবিদ দীপ্তি বৰাৰ সোঁৱৰণত তেজপুৰ সাহিত্য সভা ভৱনত (Tezpur Sahitya Sabha ) দেওবাৰে এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় (Debendranath Bora Deepti Bora memorial lecture) ৷ তেজপুৰ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই "লোকসংস্কৃতি:পৰিৱৰ্তন আৰু পৰিৱৰ্ধন" শীৰ্ষক বিশেষ বক্তৃতানুষ্ঠানত লোকসংস্কৃতিৰ এগৰাকী চৰ্চাকাৰী, নাট্যকাৰ তথা ঢেকীয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শুকদেৱে অধিকাৰীয়ে অংশগ্ৰহণ কৰি উক্ত বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে ৷

এই অনুষ্ঠানৰ আৰম্ভণিতে দুয়োগৰাকী বিশিষ্ট ব্যক্তিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে তেওঁলোকৰ সুযোগ্য পুত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড৹ ভাস্কৰজ্যোতি বৰা আৰু তেজপুৰ সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়াই । তেজপুৰ সাহিত্য সভাৰ সম্পাদক দেৱব্ৰত শৰ্মা আৰু প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে ক্ৰমে তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি বেণুধৰ কাকতি, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ সুৰেশ কুমাৰ আৰ্য, তৰুণ অসম সংঘৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মা, পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ সভাপতি ভুৱন চন্দ্ৰ গগৈ, বিশিষ্ট গল্পকাৰ মাণিক বৰা, প্ৰবীণ অধিবক্তা, কবি বিপিন কটকী, তেজপুৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি পুষ্পা ডেকা, প্ৰবীণ অভিনেত্ৰী তৰুলতা দাস, শোণিতপুৰ শিল্পী সমাজৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নৰহৰি চুতীয়া, প্ৰবীণ কন্ঠশিল্পী অজিৎ দাস, বিশিষ্ট সমাজকৰ্মী দিলীপ কাকতি আদিয়ে ।

আনহাতে তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ সুৰেশ কুমাৰ আৰ্যই চমু বক্তব্য দাঙি ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে তেজপুৰ সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়াই দুয়োগৰাকী পুৰোধা ব্যক্তিৰ জীৱন-কৃতী আলোকপাত কৰে ৷

অনুষ্ঠানটিৰ অন্তত পুত্ৰ ড৹ ভাস্কৰজ্যোতি বৰাই পিতৃ-মাতৃয়ে নিজৰ কৰ্মক্ষেত্ৰৰ মাজতো সামাজিক দায়বদ্ধতাৰে সৃষ্টিশীলতাৰ লগতে সমাজৰ সামগ্ৰিক বিকাশৰ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছিল বুলি সদৰী কৰে ।

লগতে পঢ়ক: Raas mahotsav 2022: শ্ৰীকৃষ্ণৰ প্ৰেমত বুৰ গৈছে মাজুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.