ETV Bharat / state

Curfew reimpose in West Imphal: মণিপুৰৰ পশ্চিম ইম্ফলত সম্পূৰ্ণৰূপে সান্ধ্য আইন জাৰি

পুনৰ অশান্ত মণিপুৰ ৷ এইবাৰ আকৌ মণিপুৰৰ পশ্চিম ইম্ফল জিলাত ৰাইজৰ প্ৰতিবাদে লৈছে ব্যাপক ৰূপ ৷ সেয়ে বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা মণিপুৰৰ পশ্চিম ইম্ফল জিলাত প্ৰশাসনে সম্পূৰ্ণৰূপে জাৰি কৰিছে সান্ধ্য আইন ৷

Curfew reimposed in Imphal
মণিপুৰত সান্ধ্য আইন জাৰি
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 11:34 AM IST

Updated : Sep 22, 2023, 1:17 PM IST

তেজপুৰ, ২২ ছেপ্টেম্বৰ : মণিপুৰৰ পশ্চিম ইম্ফলত বৃহস্পতিবাৰৰ পৰা সম্পূৰ্ণ সান্ধ্য আইন জাৰি কৰিছে জিলা প্ৰশাসনে । উত্তেজিত মণিপুৰক শান্ত কৰাৰ স্বাৰ্থত পুনৰ এই সিদ্ধান্ত গ্ৰহণ কৰে জিলা প্ৰশাসনে ৷ তথ্য অনুসৰি, পশ্চিম ইম্ফল জিলাৰ ছিংজামেই আৰক্ষী থানাৰ অধীনৰ ৫ জন গাঁওৰক্ষী বাহিনীৰ লোকক যোৱা ১৬ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিছিল মণিপুৰ আৰক্ষীয়ে ৷ তাৰ পিচৰে পৰা আৰম্ভ হৈছিল প্ৰতিবাদ ৷

Curfew reimposed in Imphal
মণিপুৰৰ পশ্চিম ইম্ফল জিলাত সম্পূৰ্ণৰূপে সান্ধ্য আইন জাৰি

বৃহস্পতিবাৰে এই প্ৰতিবাদে তীব্ৰ ৰূপ লয় ৷ গাঁওৰক্ষী বাহিনীৰ লোককেইজনক মুক্তি দিয়াৰ দাবী তুলি সহস্ৰাধিক গাঁওবাসী ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ । উত্তেজিত ৰাইজৰ প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ পৰৱৰ্তী পৰ্যায়ত মণিপুৰ আৰক্ষী আৰু আৰ এ এফে একাধিক কন্দুৱা গেছ, গুলী নিক্ষেপ কৰে ৷ কিন্তু ক্ষান্ত কৰিব নোৱাৰিলে ৰাইজৰ প্ৰতিবাদ ৷

Curfew reimposed in Imphal
মণিপুৰত সান্ধ্য আইন জাৰি

ইয়াৰ পাচতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজনক মুকলি কৰি দিয়াৰ দাবীত ছিংজামেই থানা ঘেৰাও কৰি হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদীসকলৰ দাবী, ‘‘গাঁওৰক্ষী বাহিনীৰ লোকক গ্ৰেপ্তাৰ কৰিলে আমাকো গ্ৰেপ্তাৰ কৰক" । ইয়াৰ পিচতে পশ্চিম ইম্ফলৰ পৰিস্থিতি অধিক অৱনতি ঘটে ।

উল্লেখ্য যে, যোৱা ১৬ ছেপ্টেম্বৰত এই পাঁচগৰাকী গাঁওৰক্ষীবাহিনীৰ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ তাৰ পাচৰ পৰাই পৰিস্থিতিয়ে ক্ৰমান্বয়ে জটিল ৰূপ লয় । ফলস্বৰূপে বৃস্পতিবাৰে ছিংজামেই আৰক্ষী থানাত এক বিশাল গণ সমাৱেশ হয় । আনহাতে, চুৰাচান্দপুৰ এলেকাত কুকি জো উগ্ৰপন্থীৰ মাজত অব্যাহত আছে গুলীয়াগুলীৰ ঘটনা ।

বৰ্তমান অধিক সংখ্যক ৰেপিড এক্সন ফ’ৰ্চ আৰু অসম ৰাইফলছৰ বাহিনীৰ নিয়োগ কৰা হৈছে পশ্চিম ইম্ফল জিলাত । ফলত সম্পূৰ্ণ জিলাখনতে সান্ধ্য আইন জাৰি কৰা হৈছে । ইয়াৰ পূৰ্বে ২ ছেপ্টেম্বৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ সান্ধ্য আইন শিথিল কৰি দিছিল ৷ কিন্তু বৃস্পতিবাৰে সংঘটিত এই ঘটনাৰ পাচতে জিলা প্ৰশাসনে সন্ধিয়া ৫ বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ এই সান্ধ্য আইন জাৰি কৰিছে ।

লগতে পঢ়ক : World Rhino Day 2023: ভাৰতৰ মুঠ ৩৭০০ ৰ ভিতৰত অসমতেই আছে ২৮৯৫ টা এশিঙীয়া গঁড়

Last Updated : Sep 22, 2023, 1:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.