ETV Bharat / state

এমুঠি চানাৰ বাবে উত্তপ্ত অৰিয়ান্টলীঃ সান্ধ্য আইন জাৰি

আৰক্ষীৰ উপস্থিততে দুবৃত্তৰ দলটোৱে এফালৰ পৰা যুগল নাথক বিচাৰি তাণ্ডৱ চলাই ৷ কথমপি ঘৰৰ এটা চুকত লুকাই প্ৰাণ ৰক্ষা কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷ এই আক্ৰমণৰ ফলত পৰিয়ালটোৰ মূল্যৱান সা-সামগ্ৰী নষ্ট হয় ৷ ঘটনাস্থলীত বহু পলমকৈ আৰক্ষী অধীক্ষক উপস্থিত হয় ৷ নিশা কেইবাঘণ্টাৰ পিছত এই যুদ্ধ সদৃশ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

author img

By

Published : Aug 16, 2020, 9:24 PM IST

Curfew
বৰছলা

তেজপুৰ,১৬ আগষ্ট : শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অন্তৰ্গত অৰিয়ান্টলী গাঁৱত এমুঠি চানাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰিয়ান্টলী অঞ্চলত সান্ধ্য আইন জাৰি কৰে শোণিতপুৰ জিলা আৰক্ষী প্ৰশাসনে ৷ দেওবাৰে পুনৰ পৰিৱেশ উত্তাল হৈ পৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনৰ লোক ৷

দৰাচলতে, শনিবাৰে সন্ধিয়া সময়ত বৰছলা সমষ্টিৰ অৰিয়ান্টলী গাঁৱত চানা ব্যৱসায়ী পিংকু ৰাজবংশী নামৰ এজন যুৱকে চানা বিক্ৰী কৰি থকাৰ সময়ত সুৰাপান কৰি অহা যুগল নাথ নামৰ যুৱকজনে চানা কিনিবলৈ আহি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ ফলত গাওঁখনৰে দুজন যুৱকৰ সৈতে যুগল নাথৰ কাজিয়াৰ সূত্ৰপাত হয় ৷ পৰৱৰ্তী সময়ত এই কাজিয়াই অঞ্চলটোত গোষ্ঠীগত সংঘৰ্ষৰ ৰূপ লয় ৷ অন্যহাতে এই কাজিয়াৰ বিষয়ে (চাহ জনজাতি)গাঁৱত বিয়পি পৰাত হাতে হাতে যাঠি-জোং, দা-কটাৰি, লাঠি লৈ যুগল নাথ নামৰ যুৱকজনৰ ঘৰত দুৰ্বৃত্তই আক্ৰমণ চলাই ৷ শিল দলিয়াই এফালৰ পৰা ঘৰৰ দৰ্জা খিৰিকীৰ গ্লাছ লণ্ড-ভণ্ড কৰে দলটোৱে ৷

লগতে পঢ়কঃ সুশান্তৰ আত্মহত্যাক মানি ল'ব পৰা নাই দিলজিৎ দোচাঞ্জে

আৰক্ষীৰ উপস্থিতত দুৰ্বৃত্তৰ দলটোৱে এফালৰ পৰা যুগল নাথক বিচাৰি তাণ্ডৱ চলাই ৷ কথমপি ঘৰৰ এটা চুকত লুকাই প্ৰাণ ৰক্ষা কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷ এই আক্ৰমণৰ ফলত পৰিয়ালটোৰ মূল্যৱান সা-সামগ্ৰী নষ্ট হয় ৷ ঘটনাস্থলীত বহু পলমকৈ আৰক্ষী অধীক্ষক উপস্থিত হয় ৷ নিশা কেইবাঘণ্টাৰ পিছতহে আৰক্ষীয়ে এই যুদ্ধ সদৃশ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

এমঠি চানাৰ বাবে উত্তপ্ত অৰিয়ান্টলী অঞ্চলত সান্ধ্য আইন জাৰি
পুনৰায় দেওবাৰে পুৱাৰ ভাগটো পাঁচ শতাধিক লোকে হাতত যাঠি-জোং, দা-কটাৰি, লাঠি লৈ দলবদ্ধভাৱে ওলাই আহে ৷ উক্ত দলটোৱে অৰিয়ান্টলী গাঁৱৰ লোকসকলক ঘৰে ঘৰে আক্ৰমণ কৰি সা-সম্পত্তি ,যান-বাহন ভাঙি-চিঙি পৰিৱেশ অধিক উত্তপ্ত কৰি তোলে ৷ ঘটনাস্থলীত শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনৰ লোক, সেনাৰ এক বৃহৎ দল উপস্থিত হৈ বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ৷ এই ঘটনাৰ লগত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই ৷ আনহাতে আক্ৰমণকাৰীৰ হাতত ১৩ গৰাকী লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে বুলি অৱগত কৰে প্ৰশাসনৰ লোকে ৷ অঞ্চলটোত বৰ্তমান এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.