ETV Bharat / state

অসমত চিকিৎসা কৰিলেহে সুস্থ হৈ উঠিব পুত্ৰ : মাতৃৰ আহ্বান - শলগুৰি গাঁৱৰ চিআৰপিএফ জোৱান

দিল্লীত কভিড-19 ত আক্ৰান্ত চিআৰপিএফ জোৱানক অসমলৈ ঘুৰাই আনিবলৈ স্বাস্থ্য মন্ত্ৰীক অনুৰোধ জনাইছে এগৰাকী মাতৃয়ে ৷ অসমত চিকিৎসা কৰিলেহে সোনকালে সুস্থ হৈ উঠিব বুলি মাতৃগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

CRPF Jawans test Covid-19 positive
অসমত চিকিৎসা কৰিলেহে সুস্থ হৈ উঠিব পুত্ৰ
author img

By

Published : May 2, 2020, 6:51 PM IST

চতিয়া, 2 মে' : দিল্লীত কৰ'ণাত আক্ৰান্ত অসমৰ শোণিতপুৰ জিলাৰ শলগুৰি গাঁৱৰ চিআৰপিএফ জোৱানজনক ৰাজ্যলৈ উভতাই আনি চিকিৎসা কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ৷ আনকি তেঁওৰ লগতে দিল্লীত আক্ৰান্ত সকলো জোৱানকে অসমলৈ ঘূৰাই আনি চিকিৎসা কৰিবৰ বাবে স্বাস্থ্য মন্ত্ৰীক অনুৰোধ জনাইছে চিআৰপিএফ জোৱান জনৰ মাতৃ আৰু ভাতৃয়ে ৷

জোৱান জনৰ মাতৃয়ে জনোৱা অনুসৰি, অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু চৰকাৰৰ ওপৰত গভীৰ আস্থা আছে ৷ অসমলৈ ঘূৰাই আনি চিকিৎসা কৰালে তেওঁলোক সোনকালে সুস্থ হৈ উঠিব বুলি মন্তব্য কৰে জোৱানগৰাকীৰ মাতৃয়ে ৷

চিআৰপিএফ জোৱান গৰাকীৰ মাতৃ

আনহাতে জোৱান জনৰ ভাতৃয়ে জনোৱা অনুসৰি তেওঁলোকে তাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ সেয়েহে অনতিপলমে তেওঁলোকক অসমলৈ ঘূৰাই আনিব লাগে ৷ উল্লেখযোগ্য যে, বৰ্তমান জোৱান জন দিল্লীৰ ময়ুৰ বিহাৰ ফেচ থ্ৰীত আছে ৷

লগতে পঢ়ক : সাহায্য উভতাই নিদিলে জেল'লৈ প্ৰেৰণ কৰাৰ ভাবুকি পঞ্চায়ত প্ৰতিনিধিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.