ৰঙাপৰা, 11 জুলাইঃ প্ৰতিকূল বতৰকো নেওচি ৰঙপৰাত শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে চি পি আই (এম) দলে ৷ অখিল গগৈসহ কাৰাবন্দী হৈ থকা তেওঁৰ সতীৰ্থ নেতা সকলৰ মুক্তিৰ দাবীৰে ৰাজপথলৈ ওলাই আহে প্ৰতিবাদকাৰী সকল ৷ চৰকাৰে হিংসাত্মকভাৱে আটাইকেইগৰাকী প্ৰতিবাদী কণ্ঠক কাৰাগাৰত আবদ্ধ কৰি ৰাখিছে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷
বৰ্তমান তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ কথা ভিন্ন মাধ্যমযোগে প্ৰচাৰ হৈ আহিছে ৷ তথাপিও চৰকাৰে এনে অৱস্থাত গণতন্ত্ৰক চাপ প্ৰদান কৰি আহিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কণ্ঠ তেওঁলোকে ৰোধ কৰিব বিচাৰিছে ৷ যাৰ বাবে কৃষক নেতা অখিল গগৈ সহিতে বহু নেতাক আজি কাৰাগাৰত আবদ্ধ কৰি ৰাখিছে বুলি কয় প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদকাৰী সকলে কাৰাবন্দী নেতাসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে অতি শীঘ্ৰেই তেওঁলোকৰ মুক্তিৰ বাবে দাবী জনায় ৷ লগতে গণতন্ত্ৰৰ নিধন যজ্ঞৰ পৰা চৰকাৰ আঁতৰি থাকক বুলি সকীয়াই দিয়ে প্ৰতিবাদ কৰে দলটোৱে ৷