চতিয়া, 24 জুনঃ জামুগুৰি হাটত পুনৰ এজন দেহত ধৰা পৰিছে ক'ভিড পজিটিভ ৷ লোক জন তেজপুৰ মেডিকেল কলেজ হাস্পতালত ৱাৰ্ড বয় ৰূপে কৰ্মৰত আছিল ৷ আক্ৰান্ত লোক জনৰ নাম নিপুল দাস (35) ৷
নিপুল দাস ক'ভিড পজিটিভত হোৱাৰ লগে লগেই নিপুলৰ গাঁও ১নং মাজগাঁও আৰু শহুৰেকৰ গাঁও হাটবৰ লুকুৰাচুক গাঁও দুয়োখনকে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে স্বাস্থ্যবিভাগে ৷ কিয়নো প্ৰায়ে শহুৰেকৰ ঘৰলৈ আহা যোৱা কৰি আছিল লোক জন ৷ ইতিমধ্যে সমগ্ৰ অঞ্চল দুটা প্ৰশাসনে চেনিটাৰাইজ কৰিছে ৷
আনহাতে স্বাস্থ্য বিভাগে জানিবলৈ দিয়া অনুসৰি নিপুল বহু লোকৰ সংস্পৰ্শলৈ আহিছিল ৷ তাৰ ভিতৰত বৰ্তমানলৈ 35 জনক চিনাক্ত কৰি হৈছে আৰু সকলোৰে স্বোৱাব সংগ্ৰহৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷
ইয়াৰোপৰি, নিপুলে মিঠাই ক্ৰয় কৰা জামুগুৰিহাটৰ মিঠাইৰ দোকান চুইট হাউছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰা গেলামালৰ এখন দোকান আৰু চুলি দাড়ি কটা এখন চেলুনকে আদি কৰি কেইবাখনো দোকান চীল কৰিছে প্ৰশাসনে ৷
উল্লেখ যে ক'ভিড পজিটিভত আক্ৰান্ত নিপুলৰ এটি আঢ়ৈ বছৰীয়া কন্য সন্তানো আছে।
লগতে পঢ়কঃ গণ সংক্ৰমন হোৱাৰ লক্ষণ ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত