ETV Bharat / state

Madhavadeva Kalakshetra: ১০ মে’ত মুকলি হ’ব শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ

author img

By

Published : Apr 19, 2023, 7:27 PM IST

নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য । অহা ১০ মে’ ত মুকলি কৰা হ'ব শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ । বদলা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে দানসূত্ৰে আগবঢ়োৱা ৪৪ বিঘা মাটিত বিভিন্ন স্থানসমূহ সজাই তোলা হৈছে আটকধুনীয়াকৈ (Construction of Sri Sri Madhavadeva Kalakshetra completed) ।

Construction of Sri Sri Madhavadeva Kalakshetra completed
সাজু হৈ উঠিছে শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ

তেজপুৰ, ১৯ এপ্ৰিল: প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য । অহা ১০ মে' ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব উত্তৰ অসমৰ মহাপুৰুষ মাধৱদেৱ কলাক্ষেত্ৰৰ । বদলা পদ্মআতাই নাৰায়ণপুৰত প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰক সাংস্কৃতিক ক্ষেত্ৰলৈ ৰূপান্তৰ কৰি আৰম্ভ কৰা হৈছিল শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য (Madhavadeva Kalakshetra in Narayanpur) ৷

সত্ৰখনৰ স্বৰূপ অক্ষুণ্ণ ৰাখি ৪৪ বিঘা মাটিত কলাক্ষেত্ৰখনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল । সত্ৰখনক কেন্দ্ৰস্থল হিচাপে লৈ আধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য ১০০ শতাংশই এতিয়া সম্পূৰ্ণ হৈছে । অপেক্ষা মাথোঁ ১০ মে'ত মুকলি কৰালৈ (Construction of Sri Sri Madhavadeva Kalakshetra completed) ৷

বদলা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে দানসূত্ৰে আগবঢ়োৱা ৪৪ বিঘা মাটিত ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱা হৈছে শিশু উদ্যান, সংগ্ৰহালয়, ৫০০ আসনযুক্ত প্ৰেক্ষাগৃহ, কলাকৃষ্টি ভৱন, এহেজাৰ আসনযুক্ত মুকলি প্ৰেক্ষাগৃহ, পাণ্ডুলিপি ভৱন, অতিথিশালা, ভোজনগৃহ, ৰাজহুৱা শৌচালয়, ১৭৫ খন গাড়ী ৰাখিব পৰাকৈ পাৰ্কিং ক্ষেত্ৰ ৷

উল্লেখ্য, ২০০৭ চনৰ ২৩ মাৰ্চত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মাধবদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল ৷ তৰুণ গগৈ চৰকাৰে প্ৰথম পৰ্যায়ত আবণ্টন দিয়া ৫ কোটি টকাৰে প্ৰায় ২০% শতাংশ নিৰ্মাণকাৰ্য আগবঢ়াৰ পাচত ক্ষমতালৈ আহিছিল বিজেপি চৰকাৰ ৷ ২০১৯ চনৰ ১৬ আগষ্টত তেতিয়াৰ বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বদলা সত্ৰৰ প্ৰাংগণত উপস্থিত হৈ কলাক্ষেত্ৰখনৰ কাম ক্ষীপ্ৰ গতিত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি ৩৪ কোটি টকা আৱন্টন দিছিল ৷

ইয়াৰোপৰি কলাক্ষেত্ৰখনৰ সম্পূৰ্ণ আৰ্হি প্ৰস্তুত কৰি উপস্থিত ৰাইজৰ সম্মুখত প্ৰদৰ্শন কৰিছিল ৷ ২০২০ চনৰ ৪ জুনত পুনৰ ড৹ হিমন্ত বিশ্ব শৰ্মা মাধবদেৱ কলাক্ষেত্ৰত উপস্থিত হৈ তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰিছিল ৷ উক্ত প্ৰকল্পটো State Priority Project হিচাপে গ্ৰহণ কৰা বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মাই (CM Himanta Biswa Sarmah) ৷

কলাক্ষেত্ৰখন পৰিচালনাৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিচালনা সমিতিক দি যোৱা বছৰতেই মুকলিৰ প্ৰয়াস চলাইছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল ৷ শেহতীয়াকৈ আৰ্হি অনুসৰি কলাক্ষেত্ৰখন নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাত অহা ১০ মে'ত মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে । কলাক্ষেত্ৰখন ৰাইজৰ বাবে এতিয়াও মুকলি কৰা হোৱা নাই যদিও ইতিমধ্যেই দৰ্শনাৰ্থীয়ে ভিৰ কৰা দেখা গৈছে ।

লগতে পঢ়ক: Diesel price Hike: পুনৰ প্ৰতিলিটাৰ ডিজেলত দাম বৃদ্ধি পালে 51 পইচাকৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.